নেচনেল পাঞ্জাত অসমৰ দেৱজিতৰ স্বৰ্ণ

0 441

নতুন দিল্লীৰ ত্যাগৰাজ ক্ষেত্ৰত যোৱা ২৭ মাৰ্চত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্য্যায় প্ৰফেচনেল পাঞ্জা প্ৰতিযোগিতাত গুৱাহাটীৰ দেৱজিৎ শৰ্মাই দমনীয় প্ৰদৰ্শনেৰে ৯৫ কিলোগ্ৰাম শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি অসমলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই পৰ্যন্ত দেৱজিৎ শৰ্মাই সৰ্বভাৰতীয় পৰ্যায়ত একেৰাহে ১৬ বাৰকৈ নিজৰ শাখাত শ্ৰেষ্ঠত্বৰে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। দেৱজিতৰ ঘৰ গুৱাহাটীৰ খাৰঘূলিত।এই প্ৰতিযোগিতাত অসমৰ লাচিত স্বৰ্গয়াৰীয়েও ৫৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও চতুৰ্থ স্থানত তেওঁ থমকি ৰ’বলগীয়া হয়।

Leave A Reply

Your email address will not be published.