ৰঙিয়াত সামাজিক ভাবে বঞ্চিত অঘৰী লোকসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য সেৱা

0 239

ৰঙিয়া মহকুমা প্ৰশাসনৰ সৌজন্যত স্বেচ্ছাসেৱী সংস্থা সাধনাৰ লগতে বিভিন্ন জনহিতৈষী লোকৰ সহযোগত ৰঙিয়াত অব্যাহত আছে ‘প্ৰয়াস’ নামৰ ব্যতিক্ৰমী আৰু ইতিবাচক প্ৰচেষ্টা। ৰঙিয়াত থকা সামাজিক ভাৱে বঞ্চিত অঘৰী লোকসকলৰ বাবে লোৱা হৈছে এই মহৎ পদক্ষেপ। সামাজিক ভাবে বঞ্চিত অঘৰী লোকসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে আজি কৃষক ছহিদ ভবনত ৰূপায়ণ কৰা হয় কাৰ্যসুচী। আনহাতে ইয়াৰ পূৰ্বে এইসকল লোকক পৰিষ্কাৰ পৰিচন্ন কৰি ন সাজ পৰিধান কৰোৱা হয় । উক্ত কাৰ্যসূচীত কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন, ভাৰপ্ৰাপ্ত মাহকুমাধিপতি জাভীৰ ৰাহুল সুৰেশ,সহকাৰী আয়ুক্ত চম্পক ডেকাই উপস্থিত থাকে ।অনুষ্ঠান টোৰ পৰিচালনা কৰে সাধনাৰ সম্পাদক জ্যোতিষ কলিতাই ।ৰঙিয়া মহকুমা প্ৰশাসনৰ লগতে সহযোগি সংস্থা টোৱে গ্ৰহণ কৰা ব্যতিক্ৰমী পদক্ষেপে স্বাভাৱিকতে বহণ কৰিছে ইতিবাচক বাৰ্তা ।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.