পলাশবাৰীৰ মিৰ্জা জামৰতলস্থিত স্বৰ্গীয় হৰমোহন গোস্বামী আদৰ্শ প্ৰাথমিক বিদ্যালয় খেলপথাৰ প্ৰাঙ্গণত জ্যেষ্ঠ নাগৰিকৰ বাবে আইন প্ৰণয়ন হোৱা আইন আৰু ইয়াৰ আধাৰত জ্যেষ্ঠ নাগৰিকে পাবলগীয়া সুবিধা সমূহৰ ওপৰত আজি এখনি সমাৱৰ্তন আৰু সজাগতা সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ আৰু জ্যেষ্ঠ নাগৰিক পৰিষদ, অসমৰ উদ্যোগত অনুষ্ঠিত সভাত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ আদৰণী ভাষণ পাঠ কৰে আদৰণী সমিতিৰ সভাপতি ধনেশ্বৰ তালুকদাৰে। অনুষ্ঠানত নিজ নিজ প্ৰতিভাৰে সমাজত প্ৰতিষ্ঠিত হোৱা কেইজনমান বিশিষ্ট ব্যক্তি ক্ৰমে সৰপাৰা গাঁৱৰ প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া সংগঠক প্ৰভাত ডেকা, ছয়গাঁও ৰতনপুৰৰ কালিয়া বাদক কলিমন ৰাভা, বকো খলিহাৰ যাত্ৰা জগতৰ প্ৰযোজক, পৰিচালক, অভিনেতা ব্ৰজেন দাস, মিৰ্জা গোপালপুৰৰ আদৰ্শ শিপিনী সাবিত্ৰী বৈশ্য, বামুণীগাঁৱৰ আদৰ্শ খেতিয়ক বিপিন বড়ো, উপৰহালী গাঁৱৰ সমাজ সেৱক লক্ষ্যধৰ তালুকদাৰ, ৰাজাপুখুৰীৰ আদৰ্শ খেতিয়ক ভোগমন নাথক ফুলাম গামোচা, জাপি, মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। সভাত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই গাঁৱত এখন সমাজ, সচেতনতা, ভাল বেয়া আদি বিভিন্ন কথা জড়িত হৈ থাকে বুলি কয়। গাঁও আৰু চহৰৰ কথা সম্পূৰ্ণ বেলেগ। জ্যেষ্ঠ নাগৰিকসকলক উদ্দশ্যি আজি কালি প্ৰায়ে ঘটি থকা ঘটনা পৰিঘটনা ভাল বেয়া কথা আদি বিভিন্ন কথা ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। আজিৰ কিছু সংখ্যকে নিজৰ মাতৃ পিতৃক সেৱা কৰাৰ পৰিবৰ্তে বৃদ্ধা আশ্ৰমত থকাৰ পৰিবেশ সৃষ্টি কৰিছে। বৰ্তমানৰ চৰকাৰেখনে যাতে পিতৃ মাতৃক অত্যাচাৰ তথা এনেধৰণৰ ঘটনাৰ পৰা পৰিত্ৰাণ পাব পাৰে তাৰ বাবে এখন আইন প্ৰণয়ণ প্ৰস্তুত কৰিছে। লগতে নিজকে বয়োজ্যেষ্ঠ বুলি নাভাবি জ্যেষ্ঠ সকলৰো মন আছে বুলি বিভিন্ন কথা ভাষণত আলোকপাত কৰে সাংসদ কুইন ওজাই। সভাত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ অধ্যক্ষ ড০ প্ৰদীপ ঠাকুৰীয়াই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে জ্যেষ্ঠ নাগৰিক সকলৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে সভা অনুষ্ঠিত কৰি ৰাইজ তথা জ্যেষ্ঠসকলক সজাগতাৰ সৃষ্টি কৰি আহিছে। পিতৃ-মাতৃ অসুবিধা বা সমস্যা হলেই পুত্ৰ দায়িত্ব বুলি নাভাবিব সমাজখনৰো দায়িত্ব আছে। জ্যেষ্ঠ নাগৰিক তথা বয়স্ক লোক ৰাস্তা বা যিকোনো ঠাইত বিভিন্ন সমস্যা সন্মুখীন হলে সহায় পোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে হেল্পলাইন ১৪৫৬৭ ফোন নম্বৰ মুকলি কৰি দিছে। যিকোনো ঠাইত জ্যেষ্ঠলোক বিপদ বা সমস্যাৰ সন্মুখীন হলে এই নম্বৰত ফোন কৰিলে তৎকালীনভাৱে বিভাগীয় কৰ্মচাৰী উপস্থিত হৈ সহায়ৰ হাত আগবঢ়াব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে অধ্যক্ষ ঠাকুৰীয়াই। সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই উপস্থিত থাকি জ্যেষ্ঠ সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। সভাত সমাজ কল্যাণ বিভাগ, অসমৰ সঞ্চালক দেৱেন ভূঞা, সমাজ কল্যাণ বিভাগ, অসমৰ উপ: সঞ্চালক সমীৰণ বৰুৱা, জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ , অসমৰ উপাধ্যক্ষ অশোক বৰঠাকুৰ, আই.টি.ডি.পি.ৰ অধ্যক্ষা লাৱণ্য বড়ো উপস্থিত থকা অনুষ্ঠানটোৰ সমূহ কাৰ্যসূচীৰ আঁতধৰে অভিনেত্ৰী আশা বৰদলৈয়ে।
Trending
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan