পুখুৰীত নহয়, বাসগৃহৰ কোঠাৰ ভিতৰতে ভিয়েটনামী কাৱৈ মাছ পালনেৰে স্বাৱলম্বনৰ পথ বাছি ল’লে শিলপুখুৰীৰ ফাৰুক আব্দুল্লাই

0 235

মৎস্য পালনৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সুচনা কৰিছে বায়ুফ্লক পদ্ধতিয়ে । অতি কম ঠাইত,কম মূলধন আৰু নিম্নতম শ্ৰমৰ জৰিয়তে থলুৱা অথবা চালানী মাছ পালনেৰে অধিক উপাৰ্জনৰ পথ প্ৰশস্ত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ইজৰাইলত উদ্ভাৱন হোৱা বায়োফ্লক পদ্ধতিয়ে । আহল- বহল স্থানত খন্দোৱা পুখুৰীত নহয়, বাসগৃহৰ কোঠাৰ ভিতৰতো মৎস্য পালন কৰি স্বাৱলম্বনৰ পথত অগ্ৰসৰ হ’ব পাৰি। বায়োফ্লক পদ্ধতিত থলুৱা মাছ পালনেৰে নিবনুৱা যুৱকলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বটদ্ৰৱাত নিকটৱৰ্টী শিল পুখুৰীৰ আদৰ্শগাঁওৰ এজন যুৱকে। জানিব পৰা মতে,মৰিগাঁও জিলাৰ শিলপুখুৰী মৌজাৰ শিলপুখুৰী আদৰ্শগাঁওৰ ফাৰুক আব্দুল্লা নামৰ শিক্ষিত যুৱক জনে নিজা বাসগৃহৰ এটা কোঠাৰ ভিতৰতে বায়োফ্লক পদ্ধতিৰে পালন কৰিছে ভিয়েটনামী কাৱৈ মাছ । বায়োফ্লক মৎস্য পালন পদ্ধতিৰ প্ৰশিক্ষণ অবিহনে ফাৰুক আব্দুল্লাই নিজা বাসগৃহত সংলগ্ন থকা এটা কোঠাত তিনি বছৰৰ আগতে স্থাপন কৰা  ফুট গোলাকাৰ এটা টেংকিত ভিয়েটনামী প্ৰজাতিৰ ৬০০ শ কাৱৈ মাছ পৰীক্ষা মুলক ভাৱে পালন কৰি সফলতাৰ দিশে অগ্ৰসৰ হ’বলৈ সক্ষম হৈছে। মাত্ৰ ৩০ হাজাৰ টকা মূল ধনেৰে আৰম্ভ কৰিব পৰা উক্ত ভিয়েটনামী কাৱৈ মাছ বজাৰত এৰি দিব পাৰিব মাত্ৰ চাৰি মাহৰ পাছতে। তদূপৰি বায়োফ্লক পদ্ধতিৰে মৎস্য পালন ক্ষেত্ৰত এজন মৎস্য পালকে ২৪ ঘণ্টাৰ ভিতৰত মাত্ৰ ৩-৪ ঘণ্টা সময় শ্ৰমদান কৰিয়েই লাভাম্বিত হ’ব পাৰে উক্ত ব্যৱসায়ৰ জৰিয়তে। উল্লেখ্যযে ইজৰাইলত উদ্ভাৱন হোৱা বায়োফ্লক পদ্ধতিৰ জৰিয়তে থলুৱা প্ৰজাতিৰ কাৱৈ, শিঙি,মাগুৰ মাছৰ লগতে কছ, মিৰিকা,ৰৌ,বাহু,চন্দা আদি মাছ পালনেৰেও শিক্ষিত নিবনুৱাসকলে স্বাৱলম্বনৰ পথত অগ্ৰসৰ হ’বলৈ সক্ষম হব পাৰিব।

নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈৰ ৰিপ’ৰ্ট

Leave A Reply

Your email address will not be published.