প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত

0 270

জামুগুৰিহাটৰ চুটিয়াম স্থিত ৰাম জানকী মন্দিৰ প্ৰাংগনত আজিৰ পৰা অনুষ্ঠিত হৈছে শ্ৰীমদ্ ভাগৱত জ্ঞান মহাযজ্ঞ আৰু ভগৱান প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ । আজিৰ পৰা ১১ এপ্ৰিললৈ অনুষ্ঠিত হোৱা উক্ত মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে পুৱা ৯বজাত ধৰ্মধ্বজা উত্তোলন কৰে অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সম্পাদক তথা বাৰেচহৰীয়া ভাওনা কমিটীৰ সভাপতি ভৱ গোস্বামীয়ে। ইয়াৰ পাছতে অনুষ্ঠিত হয় অঞ্চলটোৰ শতাধিক মহিলা যুৱতীয়ে কান্ধত কলহ লৈ সুদুৰ জীয়াভৰলী নদীৰ পৰা পানী আনি জলযাত্ৰা অনুষ্ঠিত কৰে । উল্লেখযোগ্য যে জামুগুৰিহাটৰ চুটিয়ামৰ ৰামজানকী মন্দিৰ প্ৰাংগনত আৰম্ভ হোৱা উক্ত অনুষ্ঠানত প্ৰৱচন পূজন,শ্ৰৱণ, কীৰ্তন আৰু ভজন অনুষ্ঠিত হ’ব। এই পবিত্ৰ ধৰ্মীয় অনুষ্ঠানত সকলো ধৰ্মপ্ৰাণ ৰাইজৰ সকলো প্ৰকাৰৰ সহায় সহযোগিতাৰে উপস্হিতিত কামনা কৰিছে চুতিয়াম বাসীয়ে ।
জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপ’ৰ্ট

Leave A Reply

Your email address will not be published.