অসমীয়া জাতিৰ বাপতি সাহোন স্বৰূপ আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে এন এফ ৰেলৱে এম্প’লয়িজ ইউনিয়নে সমূহ অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছে। এক বিবৃতিত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি বিজন দেবৰয় আৰু সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৱে জাতি, ধর্ম, ভাষা, সম্প্রদায় নির্বিশেষে অসমত বাস কৰা সকলো জাতি, জনগোষ্ঠী ৰাইজৰ মাজত শান্তি, সম্প্রীতি, ভাতৃত্ববোধ আৰু একতাৰ এনাজৰীদাল, অধিক, সূদৃঢ় হব বুলি আশা ব্যক্ত কৰিছে। আনহাতে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনেও এক বিবৃতিত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ পৰিসেৱাত থকা ৫ টা সংমণ্ডল আৰু ৫৫ টা শাখায়ো অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহু উপলক্ষে সমূহ অসমবাসী ৰাইজক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰা বুলি জানিবলৈ দিছে।
Trending
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year