দেউছটালত সাংবাদিক – সমাজকর্মীক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন বলেশ্বৰ ৰংপীৰ

0 398

অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুৰ লগত সংগতি ৰাখি দেউছটালত দীপৰ বিলৰ পাৰত থকা ঐতিহাসিক শ্ৰী শ্ৰীভাঙাৰা গোঁসাই থান চৌহদত ১৩ এপ্ৰিলত উদ্যমী ব্যক্তি আৰু দেউছটাল নৱজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপীয়ে পশ্চিম গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলৰ ১৩ জন সাংবাদিক, সমাজ জীৱনলৈ অৱদান আগবঢ়াই অহা ১০ জন বিশিষ্ট সমাজকর্মীক ৰাজহুৱাভাবে ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়। এই উপলক্ষে সমাজকর্মী কেষ্টৰাম ৰংপীয়ে আঁত ধৰা অনুষ্ঠানত আজাৰা গাঁও পঞ্চায়তৰ সদস্যদ্বয় হীৰেণ ইংতি আৰু দীনেশ বড়ো , গণে লিম্বু , অশোক থাপ্পা , সুশীল থাপ্পা, যতীন দাস , বিপুল কলিতাকে ধৰি উপস্থিত কেবাজনো লোকে সাংবাদিক – সমাজকর্মীক ৰাজহুৱাভাবে সম্বৰ্ধনা জনায় উৎসাহিত কৰা বাবে বলেশ্বৰ ৰংপীৰ শলাগ লয় । আনহাতে বলেশ্বৰ ৰংপীয়ে চমু ভাষণত উপস্থিত সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।

বাতৰি যুগুতালে জিতুমণি দাসে।

Leave A Reply

Your email address will not be published.