ৰাজ্যৰ এগৰাকী বিশিষ্ট সমাজকর্মী , লকডাউনৰ সময়ৰে পৰা এতিয়ালৈকে প্ৰায় ৩৪ লাখৰো অধিক দুখীয়া আৰু অভাবী লোকক বিনামূলীয়াকৈ আহাৰ যোগান ধৰি অহা অনা চৰকাৰী সংস্থা “অমৃত ভোগ ভাণ্ডাৰা”ৰ প্ৰতিষ্ঠাপক ভাগচান্দ জৈনক সমাজলৈ আগবঢ়াই অহা অৱদানৰ বাবে অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টৰ অসম ৰাজ্যিক সমিতি , সনাতন ধৰ্ম প্ৰচাৰ সমিতি , সেৱা ভাৰতী , গুৱাহাটী ; অখিল ভাৰতীয় হিন্দু যুৱ মর্চা আৰু মিথিলা সাংস্কৃতিক সমন্বয় সমিতিয়ে “সমাজ গৌৰৱ” বঁটাৰে সন্মানিত কৰিছে । এই উপলক্ষে ফাঁচীবজাৰৰ তেৰাপন্থ ভৱনত বিশাল ধৰ্মসভাৰ লগত সংগতি ৰাখি ২৪ এপ্ৰিলৰ সন্ধিয়া অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাগচান্দ জৈনক এই বঁটা প্ৰদান কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । আনহাতে এই উপলক্ষে ব্ৰাহ্মণ ফ্ৰণ্টৰ ৰাজ্যিক সমিতিৰ মুখত সম্পাদক পবিত্ৰ কুমাৰ শৰ্মাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত চমু ভাষণত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ভাগচান্দ জৈনৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ২০২০ চনৰ মাৰ্চ মাহত কভিড প্ৰতিৰোধৰ বাবে দেশজুৰি লকডাউন ঘোষণা হোৱাৰ পাছত বিগত সময়ছোৱাত লাখ লাখ অভাৱী লোকক বিনামূলীয়াকৈ ৰন্ধা আহাৰ যোগান ধৰি যি বিৰল নিদৰ্শন ডাঙি ধৰিলে সেয়া নিঃসন্দেহে তুলনাবিহীন কাৰ্য বুলি অভিহিত কৰে । অনুষ্ঠানত পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা , দিগম্বৰ জৈন পঞ্চায়ত , গুৱাহাটীৰ সচিব বীৰেন্দ্ৰ কুমাৰ চেৰাউগী , সমাজকর্মী প্ৰেমকান্ত চৌধুৰী , সতীশ চন্দ্ৰ শৰ্মা , চন্দ্ৰ কুমাৰ শৰ্মা , মহাবীৰ প্ৰসাদ জৈনকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । আনহাতে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত ভাগচান্দ জৈনে চমু ভাষণত বঁটা বা সম্বৰ্ধনা লাভৰ বাবে কোনোদিনে কাম কৰা নাই বুলি সদৰি কৰি বঁটা দিলে অবশ্যে লোকজন কাম কৰিবলৈ উৎসাহী হয় বুলি ব্যক্ত কৰে ।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন