সামাজিক কৰ্মৰাজীৰ স্বীকৃতিস্বৰূপে আজি বৰিহাট ভোলাগাঁও নিবাসী তথা ৰাণী ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ সভাপতি চিৰাজ আলীক সামাজিক সমন্বয় বঁটা আগবঢ়াই ড০ বি.আৰ আম্বেদকাৰ সেৱা ফাউণ্ডেশ্বন নৰ্থ ইষ্ট ৰিজিয়ন গুৱাহাটী অসমে। তেওঁক আজি সংগঠনটোৱে বৰিহাটস্থিত ৰাণী ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ কাৰ্যালয়ত ফুলাম গামোচা, জাপি , শৰাই, চেলেং চাদৰ, গছপুলিৰ লগতে সংগঠনটোৰ ষ্ট্ৰাষ্টী কল্যাণ কুমাৰ শৰ্মা, পংকজ পলৰ স্বাক্ষৰিত এখনি প্ৰশস্তি পত্ৰ আদিৰে সম্বৰ্ধনা জনায়। উল্লেখ যে, ১৯৭১ চনত আমৰাংগা বৰিহাট হাইস্কুলত হাইস্কুলীয়া শিক্ষা জীৱন আৰম্ভ কৰি শেষত নিজে ২০০৬ চনত “ৰহিমা বিবি উচ্চ মাধ্যমিক বিদ্যালয়” নামেৰে এখন হাইস্কুল স্থাপন কৰিছিল চিৰাজ আলীয়ে। ৪১ বছৰ বৃহত্তৰ ভোলাগাঁও ৰাইজ গয়ৰহৰ সভাপতি,২০০৬ চনত অঞ্চলটোৰ চাৰিখন পঞ্চায়তৰ প্ৰায় ৫২খন অনুসুচিত জাতি-জনজাতিৰ গাঁও,৩০খন হিন্দু ধৰ্মাৱলম্বী গাঁও আৰু ২খন ইছলাম ধৰ্মাৱলম্বী গাঁও সামৰি গঠন হোৱা ৰাণী-ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেড”ৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ, ২০১১ৰ পৰা বৰ্তমানলৈ সমবায়খনত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই আহিছে। তেওঁ সমবায়ত এটি ক্ষুদ্ৰ বেংক হিচাপে স্থাপন কৰে। “নাজিৰ আলি যুৱ বিকাশ সংঘ” নামেৰে নামকৰণ কৰি এটা সংঘ ক্লাৱ স্থাপন কৰে। লগতে অঞ্চলটোৰ বিভিন্ন সংঘ অনুষ্ঠানত-প্ৰতিষ্ঠানত ওত:প্ৰোতভাৱে জড়িত থকাৰ উপৰিও অন্যান্য ৰাজহুৱা কামতো অগ্ৰসৰ হোৱা বাবে আজি তেওঁলৈ এই বঁটা আগবঢ়ায় বুলি কয় সংগঠনটোৰ কামৰূপ জিলাৰ অধ্যক্ষ হৃষীকেশ শৰ্মাই। এই বঁটা প্ৰদানৰ সময়ত সংগঠনটোৰ বিষয়া ধন নাথ, প্ৰাক্তন কাউন্সিলাৰ প্ৰদীপ গোস্বামী, কন্দৰ্প দাস আদিকে ধৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে। উক্ত বটা প্ৰদান কৰা বাবে সংগঠনটোৰ বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি অভিভূত হৈ পৰা বুলি মন্তব্য কৰে চিৰাজ আলীয়ে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ