কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত আৰম্ভ হৈছে ১৮ সংখ্যক দল হৰিণৰ গননা

0 188

কালিৰে পৰা দুদিনীয়া কাৰ্যসুচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত আৰম্ভ হৈছে ১৮ সংখ্যক দল হৰিণৰ গণনা।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ৫ টা বনাঞ্চলৰ মুঠ ২৫ টা খণ্ড আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ৮ টা খণ্ডৰ উপৰিও নগাও বন্যপ্ৰাণী সংমণ্ডলৰ লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ মুঠ ৪ টা খণ্ডত দল হৰিণৰ গননা কৰা হৈছে ৷

ইয়াৰ পুৰ্বে চলিত বৰ্ষৰ জানুৱাৰী মাহত দল হৰিণৰ পোৱালী জন্ম দিয়া আগতেও ১৭ সংখ্যক গণনা কৰা হৈছিল ৷ এই গণনাত কাজিৰঙাত মুঠ ৮৬৮ টা দল হৰিণ পোৱা গৈছিল ৷ উল্লেখিত খণ্ডবোৰত বিভাগীয় হাতীত উঠি বনকৰ্মী আৰু মাউটৰ সৈতে দল হৰিণ গননাৰ কাম আৰম্ভ কৰিছে গননাকাৰী সকলে ৷ ১৮ সংখ্যক এই দল হৰিণ গণনাত বনকৰ্মী আৰু বিষয়াৰ উপৰিও বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়, চন্দ্ৰ নাথ বেজবৰুৱা বিজ্ঞান মহাবিদ্যালয় আৰু, গোলাঘাটৰ দেৱৰাজ মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ উপৰিও বিশ্ব প্ৰকৃতি নিধি, আৰণ্যক, ভুমি, কৰবেট ফাউণ্ডেচন, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ দৰে প্ৰকৃতি সংগঠনৰ প্ৰতিনিধিয়েও অংশ গ্ৰহণ কৰিছে ৷

১৮ সংখ্যক দল হৰিণ গননাৰ বাবে ৫ মে’ত কাজিৰঙাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত গননাকাৰী সকলৰ এক বিশেষ প্ৰশিক্ষণৰ আয়োজন কৰা হয় ৷ কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ আদৰণী হোৱা আৰু কাজিৰঙাৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই উদ্বোধন কৰা এই প্ৰশিক্ষণত ৰাষ্ট্ৰীয় উদ্যান খনৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই গননাকাৰী সকলক দল হৰিণ গননাৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷অতি বিৰল প্ৰজাতিৰ বুলি বিবেচিত কাজিৰঙাৰ দল হৰিণক পুৰ্বাঞ্চলীয় দল হৰিণ বুলি কোৱা হয় ৷ এই প্ৰজাতিৰ দল হৰিণ বিশ্বৰ ভিতৰত কাজিৰঘা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানতহে পোৱা যায় ৷ মানাহত দল হৰিণ নি:শেষ হোৱাৰ পিচত সম্প্ৰতি কাজিৰঙাৰ পৰা নি কেইটামান দল হৰিণ মানাহত পুনৰ সংস্থাপিত কৰা হৈছে আৰু জনসংখ্যাও বৃদ্ধি পাইছে ৷

Leave A Reply

Your email address will not be published.