পশ্চিম গুৱাহাটীৰ অসম – মেঘালয় সীমান্তৰ দুৰ্গম বুলি পৰিচিত গড়ভঙা, মাটাং আৰু জালুকপাহাম আদি গাঁওৰ গৰু, ছাগলী, গাহৰিকে ধৰি পশুধনৰ গৰাকী সকলক কিছু হলেও সকাহ দিবলৈ আগবাঢ়ি আহিছে ৰাণী ৰাজ্যিক পশু চিকিৎসালয় আৰু সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ ৰাণী আঞ্চলিক কমিটি। ইয়াৰ অংশহিচাপে ৰাণী ৰাজ্যিক পশু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নাৰায়ণ দেউৰী আৰু সংঘৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক তথা ৰাণী আঞ্চলিক কমিটিৰ উপদেষ্টা দীনেশ দাসৰ যৌথ তৎপৰতাত ১১ মে’ত সীমান্তৱৰ্তী তিনিওখন গাঁৱতে গৰুৰ চবকা ৰোগৰ প্ৰতিষেধক টীকাকৰণ শিবিৰ অনুষ্ঠিত হয় । শিবিৰত অঞ্চলটোৰ গাওঁবুঢ়া চাইলা ৰংপী , উদীয়মান যুৱক উদ্ৰেণ ৰংপীয়ে নেতৃস্থানীয় লোকসকলে সহযোগিতা আগবঢ়ায় । তেনেদৰে জ্যেষ্ঠ পশু চিকিৎসক ডাঃ নাৰায়ণ দেউৰীয়ে পশুপালন ক্ষেত্ৰ সহায়ক ক্ৰমে – চাদুকিদ্দীন আহমেদ , ময়ুখ দাস , অসীম দাস , কৌস্তভ ভৰদ্বাজৰ সহযোগত প্ৰায় ৪৫ টা গৰুক চবকা ৰোগৰ প্ৰতিষেধক টীকা প্ৰদান কৰে । আনহাতে কৃষক নেতা দীনেশ দাসে জানিবলৈ দিয়া মতে সীমান্তৱৰ্তী অঞ্চলটোত ১৬ খন গাঁও আছে । জনজাতীয় বসতিপ্ৰধান বৃহত্তৰ অঞ্চলটোৰ বাসিন্দা সকলে প্ৰায় পাঁচ হাজাৰ গাহৰি , তিনি হাজাৰ গৰুকে ধৰি বিভিন্ন পশুপালনৰে জীৱিকা নিৰ্বাহ কৰি আহিছে । কিন্তু অঞ্চলটোত এখনো পশু চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হোৱা নাই । যাৰ বাবে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে গড়ভঙাত এখন পশু উপ চিকিৎসা কেন্দ্ৰ স্থাপন কৰিব লাগে বুলি দীনেশ দাসকে ধৰি অঞ্চলটোৰ পশুপালক সকলে দাবী জনাইছে ।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন