ৰঙিয়াত সঙ্গীত গ্ৰুপ অফ ক্ৰিয়েচনৰ উদ্যোগত অসমীয়া কথাছবি দিঠকত হেৰাল সপোনৰ দৰ্শনীৰ প্ৰস্তুতি

0 250

ক’ৰণা মহামাৰীৰ সন্ত্ৰাস আৰু বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমীয়া চলচিত্ৰ উদ্যোগ বানপানীৰ বাবে আকৌ স্থবিৰ হোৱাৰ পথত। তেনে সময়তে বহুল চৰ্চিত দিঠকত হেৰাল সপোন নামৰ অসমীয়া চিনেমাখনৰ ২৯মেত ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত বীৰদত্ত ভৱনত চাৰিটা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে সঙ্গীত গ্ৰুপ অফক্ৰিয়েছনে। ক্ৰিয়েছনৰ সভাপতি গিৰিজানন্দ ভট্ট আৰু উপসভাপতি উজ্জল ডেকাই জানিবলৈ দিয়ে মতে সকলো জাতীয় সংগঠন আৰু অসম সাহিত্য সভাই মিলি অসমীয়া চিনেমাৰ বাবে এটা সময় ধাৰ্য কৰিব লাগে। প্ৰচাৰৰ বিষয়ে তেওঁ লোকে জনোৱা মতে ৰঙিয়াৰ গাৱে-ভূঞে  ঘৰে ঘৰে প্ৰচাৰ কৰিবলৈ শিল্পী কলাকুশলী কেইবাটা দল গঠন কৰিছে।এটা দলৰ নেতৃত্ব বহন কৰিছে পৰিচালক পঙ্কজ পল্লৱ শৰ্মাই। আন এটা দলৰ নেতৃত্বত আছে প্ৰযোজক অজিত বৰ্মন। কাৰ্য্যবাহী প্ৰযোজক মনালিছা গোস্বামী,অঞ্জু কলিতা, হৰিশ তালুকদাৰ আদিয়ে ভাগে ভাগে প্ৰচাৰ কৰিছে। প্ৰযোজক গোষ্ঠীয়ে আমি চাম, আপুনি চাওক, আন দহজনকো চাবলৈ কী ওক এই শ্লোগান লৈ  প্ৰযোজক গোষ্ঠী সাধাৰণ দৰ্শকৰ ওচৰলৈ গৈছে। প্ৰসঙ্গক্ৰমে ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত  চিনেমাখন পুৱা ১১বজা,২বজা, ৫বজা, আৰু ৭ বজাত প্ৰদৰ্শন হ’ব। টেগুৰ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভছল,কাঠমাণ্ডু মিল্ম ফেষ্টভেলকে ধৰি কেবাটাও পুৰস্কাৰ লাভ কৰা চলচিত্ৰখনত ন পুৰণি বহু শিল্পীয়ে অভিনয় কৰিছে।জৰ্জীয়া মেধীয়ে মূখ্য চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰ খনৰ প্ৰযোজক অজিত বৰ্মন। জনপ্ৰিয় কন্ঠশিল্পী ড০অনিমা চৌধুৰীয়ে এটি গীতত কন্ঠদান কৰিছে। আন কন্ঠশিল্পী সুকন্যা গোস্বামী আৰু দেৱৰ্চনা কাশ্যপ।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.