জামুগুৰিহাটৰ বহাগী মেলা বাকৰিত চেমনীয়া মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত

0 377

জামুগুৰিহাটৰ অন্যতম অনুষ্ঠান জামুগুৰি সন্মিলিত যুৱ সংঘৰ উদ্যোগত কালি বিয়লি জামুগুৰি পৰিদৰ্শন বঙলাৰ কাষৰ বহাগী মেলা বাকৰিত অনুষ্ঠিত হয় চেমনীয়া মুকলি বিহু প্ৰতিযোগিতা। জামুগুৰি আঞ্চলিক ভিত্তিত অনুষ্ঠিত উক্ত চেমনীয়া মুকলি বিহু প্ৰতিযোগিতা খনিৰ শুভ উদ্ধোধন কৰে বিশিষ্ট বিহুৱা মোহন শইকীয়াই। জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তৰ বহু কেইটা চেমনীয়া বিহু দলে অংশগ্ৰহণ কৰা উক্ত বিহু প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে জামুগুৰিহাটৰ বিশিষ্ট ঢুলীয়া, শিল্পী নিৰঞ্জন দাস,সুৰেন শইকীয়া আৰু বিশিষ্ট বিহুৱতী জুৰি ৰায় ভূঞা। জামুগুৰিহাটৰ নৱ পৌৰপতি পল্লবিতা শৰ্মা মহন্ত, বৰভগীয়া জিলা পৰিষদৰ সদস্যা পলিচুতীয়া বৰাকে ধৰি জামুগুৰিহাটৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা উক্ত অনুষ্ঠানটোত অঞ্চলটোৰ বহু সংখ্যক ৰাইজ উপস্থিত থাকি বিহু উপভোগ কৰে। উল্লেখ্য যে, জামুগুৰিহাটৰ সন্মিলিত যুৱ সংঘৰ সদস্য সকলৰ নিজা দান বৰঙণিৰে অনুষ্ঠিত কৰা উক্ত চেমনীয়া মুকলি বিহু প্ৰতিযোগিতা খন যোৱা ৩১ বহাগ ১৫ মে তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও প্ৰতিকুল বতৰৰ বাবে পিছুৱাই সন্মিলিত যুৱ সংঘৰ সিদ্ধান্ত মৰ্মে আজি অনুষ্ঠিত কৰা হয় বুলি সন্মিলিত যুৱ সংঘৰ ফালৰ পৰা জানিবলৈ দিছে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.