ৰবীন্দ্ৰ ভৱনত মাংস প্ৰদৰ্শিত হ’ব

0 481

হঠাৎ যদি এজন আদিম মানৱ সেই যুগৰ পৰা আহি বৰ্তমান যুগত উপস্থিত হয়, তেতিয়া বাৰু কি অৱস্থা হ’ব? এনেকুৱা এটা অবাস্তৱ কল্পনাৰে আৰম্ভ হোৱা অপু ভৰদ্বাজৰ ‘মাংস’ নামৰ গল্পটোৱে কিন্তু বৰ্তমান সময়ৰ অতি বাস্তৱ কথা কিছুমান উন্মোচন কৰে। প্রকাশৰ পিছতে পাঠকৰ পৰা উষ্ণ সঁহাৰি লাভ কৰা এই গল্পটোক এইবাৰ নাটকৰ ৰূপ দিবলৈ ওলাইছে হিমাংশু প্রসাদ দাসে। অহা ৮ জুন তাৰিখে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হ’বলগীয়া এই নাটকখনৰ প্রযোজনা গুৱেৰ্ণিকা ক্ৰিয়েটোভিষ্টাৰ।

অসমৰ নাট্য জগতত ২০০৭ চনত চিটিবাছত নাটক প্রদর্শন কৰি অসমৰ নাট্য জগতত নতুন উদাহৰণ সৃষ্টি কৰা ‘গুৱেৰ্ণিকা’ই নিৰৱচ্ছিন্নভাৱে নাট্যক্ষেত্ৰখনত বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি আহিছে। ‘মই শ্বাহৰুখ খান হ’ব খোজোঁ’, ‘এখন গাঁৱত এটা টিভি আছিল’, ‘চাকিৰ আহিব বকুলতলৰ বিহুলৈ’, ‘দ্যা ৰেড শ্বেম্পু’, ‘মণিমুগ্ধ’ আদি নাটকেৰে দৰ্শকক প্রায় ডেৰটা দশক মনোৰঞ্জন তথা চিন্তাৰ খোৰাক দি অহা গুৱেৰ্ণিকাৰ শেহতীয়া প্রযোজনা ‘মাংস’ক লৈয়ো নাট্যৰসিক ৰাইজৰ মাজত আৰম্ভ হৈছে ব্যাপক চৰ্চা। আবেলি ৪.৩১ আৰু সন্ধিয়া ৬.৪৫ বজাত প্রদৰ্শন হ’বলগীয়া এই নাটকখনিৰ মঞ্চ উপস্থাপন পৰিকল্পনা প্রণামী বৰাৰ, পোহৰ পৰিকল্পনা মিণ্টু চানৰ। নাটকখনত অভিনয় কৰা শিল্পীসকল হ’ল অপূৰ্ব বৰ্মন, ৰূপমজ্যোতি দাস, ৰুজী মুদৈ, গৌৰৱজ্যোতি দাস, নাৰায়ন বৈশ্য, মমতা দাস, জিতু, প্ৰণৱ, নৱনীতা, প্রাণ, অংকুৰ আৰু ইন্দ্ৰ।উক্তদিনা গুৱেৰ্ণিকাই
সমূহ নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Leave A Reply

Your email address will not be published.