গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্র, কামৰুপকেন্দ্ৰ চৌহদত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্রকল্প চমুকৈ এপাৰ্টৰ অধীনত তথা আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিস্থানৰ সহযোগিতাত ১৬ ৰ পৰা ১৮ জুনলৈ এটি তিনিদিনীয়া প্রশিক্ষণ শিবিৰ অনুস্থিত হয়। এপাৰ্টৰ অধীনৰ কৃষক কোম্পানী সমূহৰ কৃষি সা-সজুলি ভাড়া দিয়া কেন্দ্ৰ সমূহক সৱলীকৰণৰ উদ্দেশ্যে অনুস্থিত কৰা শিবিৰত গোৱালপাৰা আৰু কামৰুপ জিলাৰ তিনিটা কৃষক কোম্পানীৰ ২০ জন সদস্যই অংশগ্ৰহণ কৰে। অনুস্থানৰ আৰম্ভণিতে কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰুপৰ এপার্টৰ সহযোগী প্রকল্প বিজ্ঞানী দিবাকৰ মোহদীয়ে প্ৰশিক্ষাৰ্থীসকলক আদৰণি জনায় আৰু প্ৰশিক্ষণৰ উদ্দেশ্যেৰ বিষয়ে বিশদভাৱে অৱগত কৰে। প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে ভাগ লৈ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিস্থানৰ বিজ্ঞানী ড° ৰোহিত নামদেই মেচিনৰ দ্বাৰা কঠিয়া নপৰাকৈ প্ৰতক্ষ্যভাৱে মূল পথাৰত বোকা বা শুকান মাটিত প্ৰণালীবদ্ধ ভাৱে ধান সিঁচাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বোকা মাটিৰ বাবে ‘ড্ৰাম ছিদাৰ’ আৰু শুকান মাটিৰ বাবে ছিদ্র কাম ফার্টিলাইজাৰ ড্রিল’ ব্যবহাৰ পদ্ধতি বিস্তাৰিতৰূপে আলোকপাত কৰে। শিবিৰত প্ৰশিক্ষাৰ্থীসকলক দলিচা পদ্ধতিত কঠিয়া সিঁচা আৰু যন্ত্ৰৰ দ্বাৰা ধান ৰোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। শিবিৰত দলিচা কঠিয়াতলী প্ৰস্তুতকৰন, কঠিয়াতলী ব্যবস্থাপনা, সমন্বিত অপতৃণ নিয়ন্ত্ৰণ আদিকে সামৰি মূলত কৃষি যান্ত্ৰিকীকৰনৰ ওপৰত গুৰুত্ত্ব প্ৰদান কৰা হয়। শিবিৰত প্ৰশিক্ষক তথা সমল ব্যক্তি হিচাপে কৃষি বিজ্ঞান কেন্দ্র, কামৰুপৰ এপার্টৰ প্ৰকল্প সহযোগী ড° মুন্সী বৰা, ভূমি বিশেষজ্ঞ ৰিতুপৰ্ণ শিইকীয়া, কাৰিকৰী সুহায়ক অৰুপ কাকতি আৰু অনন্ত গগৈ উপস্থিত থাকে।
Trending
- আই এ এছ এছ টি, গুৱাহাটীত প্লাজমা পদার্থবিজ্ঞান গৱেষকৰ তিনিদিনীয়া অধিৱেশনৰ আয়োজন
- তিনিচুকীয়াত স্বাস্থ্য সেৱাৰ পৰ্যালোচনা, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নতুন ৰক্ত ভাণ্ডাৰৰ শুভ উদ্বোধন
- অসম চৰকাৰৰ বন বিভাগৰ ৰাজহ বৃদ্ধিত অৰিহণা যোগাই আহিছে এমট্রনৰ পৰ্টেলে – অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য প্ৰযুক্তি বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ
- BRPNNL Delegation Felicitated by BRO for Support in Vikramshila Setu Restoration
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা