গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্র, কামৰুপকেন্দ্ৰ চৌহদত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্রকল্প চমুকৈ এপাৰ্টৰ অধীনত তথা আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিস্থানৰ সহযোগিতাত ১৬ ৰ পৰা ১৮ জুনলৈ এটি তিনিদিনীয়া প্রশিক্ষণ শিবিৰ অনুস্থিত হয়। এপাৰ্টৰ অধীনৰ কৃষক কোম্পানী সমূহৰ কৃষি সা-সজুলি ভাড়া দিয়া কেন্দ্ৰ সমূহক সৱলীকৰণৰ উদ্দেশ্যে অনুস্থিত কৰা শিবিৰত গোৱালপাৰা আৰু কামৰুপ জিলাৰ তিনিটা কৃষক কোম্পানীৰ ২০ জন সদস্যই অংশগ্ৰহণ কৰে। অনুস্থানৰ আৰম্ভণিতে কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰুপৰ এপার্টৰ সহযোগী প্রকল্প বিজ্ঞানী দিবাকৰ মোহদীয়ে প্ৰশিক্ষাৰ্থীসকলক আদৰণি জনায় আৰু প্ৰশিক্ষণৰ উদ্দেশ্যেৰ বিষয়ে বিশদভাৱে অৱগত কৰে। প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে ভাগ লৈ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিস্থানৰ বিজ্ঞানী ড° ৰোহিত নামদেই মেচিনৰ দ্বাৰা কঠিয়া নপৰাকৈ প্ৰতক্ষ্যভাৱে মূল পথাৰত বোকা বা শুকান মাটিত প্ৰণালীবদ্ধ ভাৱে ধান সিঁচাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বোকা মাটিৰ বাবে ‘ড্ৰাম ছিদাৰ’ আৰু শুকান মাটিৰ বাবে ছিদ্র কাম ফার্টিলাইজাৰ ড্রিল’ ব্যবহাৰ পদ্ধতি বিস্তাৰিতৰূপে আলোকপাত কৰে। শিবিৰত প্ৰশিক্ষাৰ্থীসকলক দলিচা পদ্ধতিত কঠিয়া সিঁচা আৰু যন্ত্ৰৰ দ্বাৰা ধান ৰোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। শিবিৰত দলিচা কঠিয়াতলী প্ৰস্তুতকৰন, কঠিয়াতলী ব্যবস্থাপনা, সমন্বিত অপতৃণ নিয়ন্ত্ৰণ আদিকে সামৰি মূলত কৃষি যান্ত্ৰিকীকৰনৰ ওপৰত গুৰুত্ত্ব প্ৰদান কৰা হয়। শিবিৰত প্ৰশিক্ষক তথা সমল ব্যক্তি হিচাপে কৃষি বিজ্ঞান কেন্দ্র, কামৰুপৰ এপার্টৰ প্ৰকল্প সহযোগী ড° মুন্সী বৰা, ভূমি বিশেষজ্ঞ ৰিতুপৰ্ণ শিইকীয়া, কাৰিকৰী সুহায়ক অৰুপ কাকতি আৰু অনন্ত গগৈ উপস্থিত থাকে।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon