পবিতৰাৰ গড়ৰ সুৰক্ষাৰ বাবে সজাগতা কৰ্মশালা

0 250

ভাৰতত গঁড়ৰ চোৰাং চিকাৰ ইয়াৰ সংৰক্ষণ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে এক ডাঙৰ সমস্যা হৈ আহিছে। ইয়াৰ স্বত্ত্বেও, বন বিভাগ, আইন প্ৰৱৰ্তনকাৰী সংস্থা, স্থানীয় সম্প্রদায় আৰু অঞ্চলটোত কাম কৰি থকা বেচৰকাৰী সংগঠনসমূহৰ দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ ফলত অসমৰ পবিতৰা বন্যপ্রাণী অভয়াৰণ্য গঁড়ৰ হটস্পট হিচাপে স্বীকৃতি পাই আহিচে| উল্লেখনীয় যে যোৱা আঠ বছৰত পবিতৰাত কোনো গঁড়ে চোৰাং চিকাৰীৰ হাতত প্ৰাণ হেৰুৱাব লগা হোৱা নাই।

গঁড়ৰ সুৰক্ষাৰ বাবে নিৰন্তৰ কাম কৰি থকা সংগঠন, আৰণ্যকে কালি মৰিগাঁওৰ মায়ঙত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য কৰ্তৃপক্ষ, মৰিগাঁও আৰক্ষী আৰু ভিলেজ ডিফেন্স পাৰ্টিৰ সৈতে পবিতৰাৰ স্থানীয় গাওঁবাসীৰ বাবে এক সজাগতা সভা আয়োজন কৰে।

বৈঠকত বন বিষয়া, জয়শ্রী নাইডিঙে বন্যপ্রাণী সুৰক্ষা আইন ১৯৭২ৰ বিভিন্ন ব্যৱস্থাৰ কথা ব্যাপকভাৱে উল্লেখ কৰে। মায়ং আৰক্ষী থানাৰ বিষয়া, ৰাণা ভূঞাই বন্যপ্রাণী অপৰাধৰ বিষয়ে আৰক্ষী আৰু বন বিভাগৰ সৈতে যিকোনো সূত্ৰৰ বিনিময় কৰিবলৈ অংশগ্ৰহণকাৰীক অনুৰোধ জনায়।

আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া ড° বিভব তালুকদাৰে যোৱা ৮ বছৰ ধৰি পবিতৰাত গঁড়ৰ চোৰাং চিকাৰ বন্ধ কৰাৰ বাবে বন আৰু আৰক্ষী বিষয়াসকলৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে। লগতে, তেওঁ গঁড় সংৰক্ষণৰ বাবে সমর্থন আগবঢ়োৱাৰ বাবে প্ৰান্তীয় গাওঁসমূহৰ গাওঁবাসীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। পবিতৰা আৰু ইয়াৰ আশেপাশে বানপানীৰ সময়ত, কিছু গঁড়ে গাওঁবোৰক আশ্রয়স্থল হিচাপে ব্যৱহাৰ কৰিব পাৰে, তেওঁ স্থানীয় গাওঁবাসীসকলক তেওঁলোকৰ সমৰ্থনৰ বাবে আহ্বান জনায়।উপস্থিত থকা স্থানীয় ব্যক্তিসকলে অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ প্ৰচেষ্টাত সহযোগিতা কৰিবলৈ ইচ্ছা প্ৰদৰ্শন কৰে।

Leave A Reply

Your email address will not be published.