অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট, ৰাজ্যিক কৃষি বিভাগ আৰু কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত ১৫ জুনৰ পৰা আৰম্ভ হোৱা কৃষি সামগ্রী ব্যৱসায়ীৰ ১৫ দিনীয়া তথা ২৫ জনীয়া প্রশিক্ষণৰ সামৰণি অনুষ্ঠান ২৯ জুনত সফল সামৰণী পৰে।কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী ড° ধীৰেন কলিতাৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই প্রশিক্ষণত আৰম্ভণি ভাষণত এই প্রশিক্ষণৰ কাৰ্যক্ৰমৰ আভাস দাঙি ধৰে কৃষি বিজ্ঞান কেন্দ্রৰ শস্য বিজ্ঞানী ৰিজৱানুল হেলিমে। এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপৰ জিলা কৃষি বিভাগ বিষয়া ধীৰেন্দ্ৰনাথ কাৰজী, লগতে উপস্থিত থাকে জেষ্ঠ কৃষি উন্নয়ন বিষয়া মুকুল বৰ্মন আৰু ৰুমি গোস্বামী, কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ সমূহ বিশেষজ্ঞসকল উপস্থিত থাকে। কৃষি বিজ্ঞান কেন্দ্রৰ বিশেষজ্ঞা ড° মধুস্মিতা কটকী আৰু ৰিজুৱানূল হেলিমে আঁতধৰা এই প্রশিক্ষণত বিভিন্ন প্রতিষ্ঠানৰ পৰা অহা সমল ব্যক্তিসকলে কৃষি আৰু আনুসাঙ্গিক বিষয়ত প্রশিক্ষণ দিয়ে লগতে প্রণালী প্ৰদৰ্শন কৰে। এই অনুষ্ঠানটিত প্রশিক্ষাথী সকলক মানপত্র বিতৰণ কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই ড° ইলাক্ষী ডেকাই।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা