কামৰূপ কৃষি বিজ্ঞান কেন্দ্রত কৃষি সামগ্রী ব্যৱসায়ীৰ ১৫ দিনীয়া প্রশিক্ষণৰ সামৰণি

0 249

অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট, ৰাজ্যিক কৃষি বিভাগ আৰু কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত ১৫ জুনৰ পৰা আৰম্ভ হোৱা কৃষি সামগ্রী ব্যৱসায়ীৰ ১৫ দিনীয়া তথা ২৫ জনীয়া প্রশিক্ষণৰ সামৰণি অনুষ্ঠান ২৯ জুনত সফল সামৰণী পৰে।কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী ড° ধীৰেন কলিতাৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই প্রশিক্ষণত আৰম্ভণি ভাষণত এই প্রশিক্ষণৰ কাৰ্যক্ৰমৰ আভাস দাঙি ধৰে কৃষি বিজ্ঞান কেন্দ্রৰ শস্য বিজ্ঞানী ৰিজৱানুল হেলিমে। এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপৰ জিলা কৃষি বিভাগ বিষয়া ধীৰেন্দ্ৰনাথ কাৰজী, লগতে উপস্থিত থাকে জেষ্ঠ কৃষি উন্নয়ন বিষয়া মুকুল বৰ্মন আৰু ৰুমি গোস্বামী, কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ সমূহ বিশেষজ্ঞসকল উপস্থিত থাকে। কৃষি বিজ্ঞান কেন্দ্রৰ বিশেষজ্ঞা ড° মধুস্মিতা কটকী আৰু ৰিজুৱানূল হেলিমে আঁতধৰা এই প্রশিক্ষণত বিভিন্ন প্রতিষ্ঠানৰ পৰা অহা সমল ব্যক্তিসকলে কৃষি আৰু আনুসাঙ্গিক বিষয়ত প্রশিক্ষণ দিয়ে লগতে প্রণালী প্ৰদৰ্শন কৰে। এই অনুষ্ঠানটিত প্রশিক্ষাথী সকলক মানপত্র বিতৰণ কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই ‌ড° ইলাক্ষী ডেকাই।

Leave A Reply

Your email address will not be published.