অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট, ৰাজ্যিক কৃষি বিভাগ আৰু কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত ১৫ জুনৰ পৰা আৰম্ভ হোৱা কৃষি সামগ্রী ব্যৱসায়ীৰ ১৫ দিনীয়া তথা ২৫ জনীয়া প্রশিক্ষণৰ সামৰণি অনুষ্ঠান ২৯ জুনত সফল সামৰণী পৰে।কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী ড° ধীৰেন কলিতাৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই প্রশিক্ষণত আৰম্ভণি ভাষণত এই প্রশিক্ষণৰ কাৰ্যক্ৰমৰ আভাস দাঙি ধৰে কৃষি বিজ্ঞান কেন্দ্রৰ শস্য বিজ্ঞানী ৰিজৱানুল হেলিমে। এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপৰ জিলা কৃষি বিভাগ বিষয়া ধীৰেন্দ্ৰনাথ কাৰজী, লগতে উপস্থিত থাকে জেষ্ঠ কৃষি উন্নয়ন বিষয়া মুকুল বৰ্মন আৰু ৰুমি গোস্বামী, কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ সমূহ বিশেষজ্ঞসকল উপস্থিত থাকে। কৃষি বিজ্ঞান কেন্দ্রৰ বিশেষজ্ঞা ড° মধুস্মিতা কটকী আৰু ৰিজুৱানূল হেলিমে আঁতধৰা এই প্রশিক্ষণত বিভিন্ন প্রতিষ্ঠানৰ পৰা অহা সমল ব্যক্তিসকলে কৃষি আৰু আনুসাঙ্গিক বিষয়ত প্রশিক্ষণ দিয়ে লগতে প্রণালী প্ৰদৰ্শন কৰে। এই অনুষ্ঠানটিত প্রশিক্ষাথী সকলক মানপত্র বিতৰণ কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই ড° ইলাক্ষী ডেকাই।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ