দক্ষিণ কামৰূপৰ উদ্যোগীক অঞ্চল পলাশবাৰীস্থিত চেণ্টপ্লাই উদ্যোগে আজি এক বৃক্ষ ৰোপন তথা গছপুলি বিতৰণ আঁচনি ৰূপায়ণ কৰে। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি তথা বিশিষ্ট সমাজকৰ্মী নাৰায়ণ চৌধুৰীয়ে উপস্থিত থাকি এই বৃক্ষৰোপন কাৰ্যসূচী তথা আঁচনিৰ শুভাৰম্ভ কৰি এটি কদম গছৰপুলি ৰোপন কৰে। চৌধুৰীয়ে গছ থাকিলেহে মানুহ থাকিব, এই বৃক্ষ ৰোপন কাৰ্যসূচী মহান বুলি কৈ গছ পুলি সকলোকে ৰুবলৈ আহ্বান জনায়। চেণ্টাপ্লাই উদ্যোগে গ্ৰহণ কৰা গছপুলি ৰোপন আৰু বিতৰণ আঁচনিক আদৰণিয় পদক্ষেপ বুলি কয়। লগতে আমাৰ অঞ্চলৰ বহুত মাটি এনেই আছে তাত চেণ্টাপ্লাই উদ্যোগৰ বৃক্ষ ৰোপন আঁচনি গ্ৰহণ কৰিবলৈ আহ্বান জনায় সমাজকৰ্মী নাৰায়ণ চৌধুৰীয়ে। অনুষ্ঠানত চেণ্টপ্লাই উদ্যোগৰ মুখ্য কাৰ্যবাহী সঞ্চালক যোগেশ কুমাৰ চৌধুৰী বৃক্ষ ৰোপন কাৰ্যসূচীৰ অংশ হিচাপে এটি গছপুলি বিতৰণৰ বৃহৎ প্ৰকল্প হাতত লোৱা হৈছে। এই বৃহৎ প্ৰকল্প হিচাপে কদম গছ বাচনি কৰি প্ৰাকৃতিক পৰিবেশৰ ভাৰসাম্য বজাই ৰখাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি কয়। এই আঁচনি গ্ৰহণ কৰি কদম গছ অঞ্চলটোৰ লোকসকলে নিজা মাটিত ৰোপন কৰিবৰ বাবে চেণ্টপ্লাই উদ্যোগৰ লগত এখন চুক্তি সম্পাদন কৰিব লাগিব। লগতে গছডাল ডাঙৰ হোৱাৰ পিছত চেণ্টপ্লাই উদ্যোগে উচিত মূল্য দি ক্ৰয় কৰিব। চুক্তি সম্পাদন নকৰি কদম গছৰ পুলি উদ্যোগটোৰ পৰা ক্ৰয় কৰিব পাৰিব। ইয়াৰ জড়িয়তে অঞ্চলটো সেইজীকৰণৰ লগতে স্বাৱলম্বী নিদৰ্শন দাঙি ধৰিব বুলি কয়। লগতে পলাশবাৰীৰ পৰা মিৰ্জালৈ নতুনকৈ নিৰ্মাণ হোৱা পথচোৱাত গছ পুলি ৰোপন কৰিব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে চেণ্টপ্লাই উদ্যোগৰ মূখ্য কাৰ্যবাহী সঞ্চালক গৰাকীয়ে। আজিৰ এই মহান কাৰ্যসূচীত চেণ্টপ্লাই উদ্যোগৰ তৰফৰ পৰা প্ৰথমে বিশিষ্ট সমাজকৰ্মী নাৰায়ণ চৌধুৰীক এটি কদম গছৰ পুলি প্ৰদান কৰাৰ লগতে সভাত উপস্থিত সকলোকে কদম গছৰ পুলি বিতৰণ কৰে। এই অনুষ্ঠানত অঞ্চলটোৰ কেইবাজনো গাওঁবুঢ়া উপস্থিত থাকে।
Trending
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক
- অসমৰ ২০টা গুৰুত্বপূর্ণ স্থানত বিশেষ মক ড্ৰিল
- পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং, পলিং বিষয়া- কাইলৈ কামৰূপ মহানগৰ জিলাৰ ২৬৬ টা কেন্দ্ৰত ভোটগ্ৰহণ