অসমৰ অন্যতম অগ্রণী স্বেচ্ছাসেৱী সামাজিক, সাংস্কৃতিক অনুষ্ঠান “শতদল”ৰ উদ্যোগত আজি ইংৰাজী ১৭ জুলাইত মহিলাৰ আৰ্থিক সৱলীকৰণৰ বাবে এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটীৰ হেঙেৰাবাৰী হাউছিং কলনীস্থিত ৰামধেনু কলা-কেন্দ্ৰত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰায় ২৫ গৰাকী মহিলাক আচাৰ, চৰ্বত, জাম-জেলী ইত্যাদি প্ৰস্তুতকৰণৰ জড়িয়তে কেনেদৰে লাভজনক ব্যৱসায় গঢ়ি তুলিব পাৰি এই সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হয়। “শতদল”ৰ কাৰ্যকৰী সভাপতি পুতলী কায়স্থই আঁত ধৰা এই অনুষ্ঠানত মহিলা সকলক জাম-জেলী, আচাৰ, চৰবত আদি প্ৰস্তুত সন্দৰ্ভত প্ৰশিক্ষণ আগবঢ়ায় কামধেনু ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰ তথা বিশিষ্ট উদ্যোগী মহিলা মালামণি হাজৰিকাই। অনুষ্ঠানত “শতদল”ৰ উপ সভাপতি নন্দিতা বৰঠাকুৰ, যুটীয়া সম্পাদক মুনু বৰা প্ৰমুখ্যে বহুকেইগৰাকী বিষয়ববীয়া, সদস্য উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ