বান বিধ্বস্ত গঞাক এধানি সহায়ৰ হাত আগবঢ়াবলৈ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ আদানী ফাউণ্ডেচনে প্ৰায় অসমৰ পাঁচখন জিলা ক্ৰমে কামৰূপ, বৰপেটা, দৰং, মৰিগাঁও আৰু নলবাৰী জিলাৰ প্ৰায় মুঠ ১৫ খন গাঁৱৰ সাত হাজাৰ পৰিয়ালৰ মাজত যোৱা ২৭ জুনত সাহায্য সামগ্ৰী বিতৰণ কৰিবলৈ আৰম্ভ কৰিছিল। এই সাহাৰ্য বিতৰণৰ ১৮ জুলাইত আনুষ্ঠানিকভাৱে অন্ত পৰে। বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানবন্দৰ বিষয়া উৎপল বৰুৱা, মূখ্য মানৱ সম্পদ বিষয়া বনজিৎ ওজা, আদানী ফাউণ্ডেশ্যনৰ জেষ্ঠ বিষয়া জয়ন্ত মহান্তিকে আদি কৰি গোপীনাথ বিমানকোঠৰ বিভাগীয় মুখ্য বিষয়া সকলৰ সহযোগত প্ৰত্যেকখন জিলাৰ বান বিধস্ত গাঁৱত উপস্থিত হৈ বন্যাৰ্ত সকলৰ মাজত চাউল, দাইল, আটা, চেনী, চাহপাত, বিস্কুট, গাখীৰ, আলু, নিমখ, হালধি, চিৰা, মুৰী, চাবোন আদিৰ লগতে শাক-পাচলি বিতৰণ কৰে। এই সাহাৰ্য প্ৰদান কৰি গুৱাহাটী বিমানকোঠৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই কয় যে, অসমৰ এনে দুৰ্দশাগ্ৰস্ত সময়ত, আদানী ফাউণ্ডেচনৰ চেয়াৰমেন প্ৰীতি আদানিয়ে অসমবাসীৰ হিতৰ বাবে শীঘ্ৰেই লোৱা এনে মহান পদক্ষেপক মই অতি প্ৰশংসা কৰিছো। বান বিধস্ত গঞাক এনেধৰণৰ সহযোগীতা আগবঢ়াবলৈ আমাক দিয়া সুবিধাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছো বুলি প্ৰকাশ কৰে বিমানকোঠৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন