গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে প্ৰাগজ্যোতিষপুৰ সাহিত্য সভা আৰু ৰূপালীম সাহিত্য সমাজৰ যুটীয়া উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগত আয়োজন কৰা বছৰযোৰা বক্তৃতানুষ্ঠানৰ চতুৰ্থলানি প্ৰয়াত দ্বীপেন্দ্ৰ নাথ শৰ্মা স্মাৰক বক্তৃতা অলপতে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় । আনহাতে “অসমত বিজ্ঞান গৱেষণাৰ ক্রমবিকাশ আৰু গুৱাহাটী বিশ্ববিদ্যালয়” শীৰ্ষক বক্তৃতানুষ্ঠানটো উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সোণেশ্বৰ শৰ্মাই । আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক ডঃ প্ৰশান্ত শৰ্মাই আঁত ধৰা অনুষ্ঠানটো উদ্ধোধন কৰি ডঃ সোণেশ্বৰ শৰ্মাই চমু ভাষণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীত এনে ধৰণৰ সময়োপযোগী বক্তৃতানুষ্ঠানৰ আয়োজন কৰা বাবে উদ্যোক্তা সকলৰ শলাগ লয় । আনহাতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ মূল বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ পৰিমল ভট্টাচাৰ্যই । ডঃ ভট্টাচাৰ্যই ভাষণত বক্তৃতানুষ্ঠানৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি কয় গৱেষণা বিষয়টো ইমান সহজ নহয় । অৱশ্যে আগতকৈ বৰ্তমান গৱেষণা কাৰ্য বহুখিনী সৰল হৈছে । আমাৰ দিনত যিটো কাম কৰোতে ছয় মাহ লাগিছিল,এতিয়া উন্নত প্ৰযুক্তিৰ দিনত ছয়দিনতে কৰিব পৰা হৈছে । উন্নত প্ৰযুক্তি , যন্ত্ৰপাতিৰ বাবে এতিয়া আগতকৈ গৱেষণা কার্য নির্ভুল , ক্ষিপ্ৰতাৰে কৰিব পৰা হৈছে । আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়েও বিগত সময়চোৱাত তুলনামূলকভাৱে ধনৰ অভাৱ , আন্তঃগাঁথনিৰ অভাৱ স্বত্তেও গৱেষণা কার্য চলাই নিব পাৰিছে বুলি ডঃ পৰিমল ভট্টাচাৰ্যই সদৰি কৰে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যন্ত্ৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ দেৱশীষ শইকীয়াই গৱেষণা কাৰ্যত লাভ কৰা অভিজ্ঞতাৰ চমুকৈ আলোকপাত কৰে । আনহাতে প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উপ সভাপতি জিতুমণি শৰ্মাই সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত প্ৰয়াত দ্বীপেন্দ্ৰ নাথ শৰ্মাৰ জীয়ৰী তথা গুৱাহাটীৰ তাৰিণী চৰণ চৌধুৰী বালিকা বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোস্না দেৱী ভাগৱতীকে ধৰি পৰিয়ালৰ কেবাজনো সদস্য,প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সাধাৰণ সম্পাদক ডঃ সিদ্ধাৰ্থ নয়ন শৰ্মা , জালুকবাৰী লেখিকা সমাৰোহৰ প্ৰচাৰ সম্পাদিকা মণিৰূপা মিশ্ৰকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । অনুষ্ঠানত প্ৰকৃতি দেৱীয়ে সৰস্বতী বন্দনা পৰিবেশন কৰে । শেষত শলাগৰ শৰাই আগবঢ়াই গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ গৌৰ গোপাল বণিকে ।
Trending
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ