নগাঁৱৰ দলংঘাটত নতুন মহিলা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন বিধায়িকা শিবামনি বৰাৰ

0 242

বটদ্ৰৱা বাসীৰ বাবে আজি এটা আনন্দৰ দিন। নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ দলংঘাটত আজি আধাৰশিলা হয় নতুন মহিলা মহাবিদ্যালয়ৰ। এই আধাৰশিলা অনুষ্ঠান বন্তি প্ৰজ্বলন আৰু নাৰিকল ভাঙি শুভাৰম্ভণি কৰে বটদ্ৰৱাৰ বিধায়িকা শিৱামনি বৰাই। ২৪ কোটি ৩৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ হবলগীয়া মহিলা মহাবিদ্যালয়খনে সমষ্টিটোৰ মহিলা সবলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি বিধায়িকা গৰাকীয়ে প্ৰচাৰ মাধ্যমক জনায়। আধাৰশিলা অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত গড়কাপ্তানি গৃহ নিৰ্মান বিভাগৰ কাৰ্যবাহী অভিযন্ত্রা নিকুঞ্জ মোহন গোস্বামীৰ সভাপতিত্বত হোৱা সভাত উপস্থিত থাকে অঞ্চলৰ দুই শতাধিক ৰাইজ।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.