নৱ গঠিত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰামৰ এখন সাধাৰণ সভা বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰামৰ আহ্বায়ক সমিতিৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ই টিভি ভাৰত অসমৰ ব্যুৰ’ চীফ নয়নজ্যোতি ভূঞাই ডিজিটেল জাৰ্নেলিষ্ট ফৰাম গঠনৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যতৰ দিনত ইয়াৰ কাৰ্যপন্থা সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায়। আনহাতে, জ্যেষ্ঠ সাংবাদিক প্ৰণৱ বৰাই ডিজিটেল মিডিয়াৰ সাংবাদিকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা আৰু আইনগত দিশ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ইয়াৰ উপৰি জ্যেষ্ঠ সাংবাদিক অমল গুপ্ত আৰু বিধায়ক দাসে বৰ্তমান সময়ত ডিজিটেল মিডিয়াৰ গুৰুত্ব আৰু ভূমিকা সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ দিয়ে। ৰাজ্যৰ প্ৰায় ৮ খন জিলা আৰু গুৱাহাটীৰ বিভিন্ন ডিজিটেল মিডিয়াৰ অৰ্ধ শতাধিক সাংবাদিক তথা সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰা সভাত তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি তথা গুৱাহাটী ডট কমৰ বাবুল গগৈয়ে সাংবাদিকতাৰ মৌলিক নীতি-নিয়ম সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। সভাত কেন্দ্ৰীয় চৰকাৰৰ সম্ভাৱ্য ডিজিটেল মিডিয়া আইন সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। এই সন্দৰ্ভত ধ্ৰুৱজ্যোতি ধনন্তৰীয়ে ডিজিটেল মিডিয়াৰ বিভিন্ন কাৰিকৰী দিশ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰামৰ আহ্বায়ক সমিতিৰ সাধাৰণ সম্পাদক নৱজ্যোতি কলিতাই আঁতধৰা সভাখনত অসমৰ কেইবাটাও ডিজিটেল মিডিয়াৰ বহুকেইজন সাংবাদিকে তেওঁলোকৰ অভিজ্ঞতা আৰু সন্মুখীন হোৱা সমস্যাৰ কথা ব্যক্ত কৰে। সাধাৰণ সভাত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰামক অধিক গতিশীল আৰু দৃঢ় কৰাৰ বাবে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিশেষকৈ ৰাজ্যিক ভিত্তিত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰামক প্ৰতিষ্ঠা কৰাৰ বাবে আগন্তুক বছৰৰ ফেব্ৰুৱাৰী মাহত মূল সমিতি গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সাংবাদিকতাৰ ক্ষেত্ৰত প্ৰযোজ্য আইনসমূহৰ বিষয়ে ডিজিটেল মিডিয়াৰ সাংবাদিকসকলক অৱগত কৰোৱা, প্ৰয়োজনত আইনী সাহায্য প্ৰদানৰ বাবে আইন কোষ গঠন, নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে চলি থকা ডিজিটেল মিডিয়াসমূহক চৰকাৰী বিজ্ঞাপনৰ বাবে চৰকাৰৰ ওচৰত আবেদন, বিশেষকৈ গুৱাহাটীৰ ডিজিটেল মিডিয়া সাংবাদিকসকলক নিৰ্বাচন আৰু বিধানসভাৰ অধিবেশনত আদিত অংশগ্ৰহণৰ সুবিধা দিবলৈ মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষক স্মাৰক-পত্ৰ প্ৰেৰণ, গুৱাহাটীত আগন্তুক দিনত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰামৰ এটা কাৰ্যালয় স্থাপন, নতুন সদস্য ভৰ্তি তথা বিভিন্ন জিলাৰ ডিজিটেল মিডিয়া সাংবাদিকসকলক একত্ৰিত কৰাৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
Trending
- মেঘালয়ত প্ৰথম বাৰৰ বাবে জনজাতি মহিলা আৰক্ষী প্ৰধানৰ নিযুক্তি
- মিৰ্জা ইউনিক কালাৰ নামৰ অত্যাধুনিক পাৰ্লাৰ মুকলি
- কাঁন চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি ‘কুকি’
- তিতাবৰত ১১, ১২ মে’ত সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ
- তথ্যচিত্ৰত উদ্ভাসিত হ’ব শতিকা প্ৰাচীন ফাটবিহু
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল