নৱ গঠিত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰামৰ এখন সাধাৰণ সভা বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰামৰ আহ্বায়ক সমিতিৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ই টিভি ভাৰত অসমৰ ব্যুৰ’ চীফ নয়নজ্যোতি ভূঞাই ডিজিটেল জাৰ্নেলিষ্ট ফৰাম গঠনৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যতৰ দিনত ইয়াৰ কাৰ্যপন্থা সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায়। আনহাতে, জ্যেষ্ঠ সাংবাদিক প্ৰণৱ বৰাই ডিজিটেল মিডিয়াৰ সাংবাদিকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা আৰু আইনগত দিশ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ইয়াৰ উপৰি জ্যেষ্ঠ সাংবাদিক অমল গুপ্ত আৰু বিধায়ক দাসে বৰ্তমান সময়ত ডিজিটেল মিডিয়াৰ গুৰুত্ব আৰু ভূমিকা সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ দিয়ে। ৰাজ্যৰ প্ৰায় ৮ খন জিলা আৰু গুৱাহাটীৰ বিভিন্ন ডিজিটেল মিডিয়াৰ অৰ্ধ শতাধিক সাংবাদিক তথা সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰা সভাত তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি তথা গুৱাহাটী ডট কমৰ বাবুল গগৈয়ে সাংবাদিকতাৰ মৌলিক নীতি-নিয়ম সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। সভাত কেন্দ্ৰীয় চৰকাৰৰ সম্ভাৱ্য ডিজিটেল মিডিয়া আইন সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। এই সন্দৰ্ভত ধ্ৰুৱজ্যোতি ধনন্তৰীয়ে ডিজিটেল মিডিয়াৰ বিভিন্ন কাৰিকৰী দিশ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰামৰ আহ্বায়ক সমিতিৰ সাধাৰণ সম্পাদক নৱজ্যোতি কলিতাই আঁতধৰা সভাখনত অসমৰ কেইবাটাও ডিজিটেল মিডিয়াৰ বহুকেইজন সাংবাদিকে তেওঁলোকৰ অভিজ্ঞতা আৰু সন্মুখীন হোৱা সমস্যাৰ কথা ব্যক্ত কৰে। সাধাৰণ সভাত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰামক অধিক গতিশীল আৰু দৃঢ় কৰাৰ বাবে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিশেষকৈ ৰাজ্যিক ভিত্তিত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰামক প্ৰতিষ্ঠা কৰাৰ বাবে আগন্তুক বছৰৰ ফেব্ৰুৱাৰী মাহত মূল সমিতি গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সাংবাদিকতাৰ ক্ষেত্ৰত প্ৰযোজ্য আইনসমূহৰ বিষয়ে ডিজিটেল মিডিয়াৰ সাংবাদিকসকলক অৱগত কৰোৱা, প্ৰয়োজনত আইনী সাহায্য প্ৰদানৰ বাবে আইন কোষ গঠন, নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে চলি থকা ডিজিটেল মিডিয়াসমূহক চৰকাৰী বিজ্ঞাপনৰ বাবে চৰকাৰৰ ওচৰত আবেদন, বিশেষকৈ গুৱাহাটীৰ ডিজিটেল মিডিয়া সাংবাদিকসকলক নিৰ্বাচন আৰু বিধানসভাৰ অধিবেশনত আদিত অংশগ্ৰহণৰ সুবিধা দিবলৈ মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষক স্মাৰক-পত্ৰ প্ৰেৰণ, গুৱাহাটীত আগন্তুক দিনত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰামৰ এটা কাৰ্যালয় স্থাপন, নতুন সদস্য ভৰ্তি তথা বিভিন্ন জিলাৰ ডিজিটেল মিডিয়া সাংবাদিকসকলক একত্ৰিত কৰাৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
Trending
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ