গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা ৰাণী হাইস্কুল খেল পথাৰত অঞ্চলটোৰ অগ্ৰণী ক্ৰীড়া সংঘ ৰাণী আঞ্চলিক ক্ৰীড়া সংঘৰ উদ্যোগত দশম বাৰ্ষিক প্ৰাইজমানী ফুটবল প্ৰতিযোগীতা খনৰ আজি উদ্বোধনী খেল খন অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগীতাখনিৰ লগত সংগতি ৰাখি প্ৰথমে ক্ৰীড়া সংঘৰ পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰে ৰাণী ক্ৰীড়া সংঘৰ সভাপতি মহেন্দ্ৰ শৰ্মাই তাৰ পিছতেই দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সভাপতি নাৰায়ণ চৌধুৰীয়ে চকৰ্দৈ এফচি আৰু জামবাৰী এফচিৰ মাজত হোৱা উদ্বোধনী খেলখন উদ্বোধন কৰে। ৰাণী আঞ্চলিক ক্ৰীড়া সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগীতাখনিৰ উদ্বোধনী অনুষ্ঠানত ৰেফাৰী সন্থাৰ সভাপতি যতিন দাস, সম্পাদক ৰাঠন ঠাকুৰীয়া, তিনিআলি সন্মিলিত সংঘৰ নৰেশ্বৰ দাস, ৰূপকোৱৰ কলা পৰিষদৰ সভাপতি হেৰাম্ব চৌধুৰী, সমাজসেৱক অপূৰ্ব গোস্বামী, মনোৰঞ্জন দাস বড়ো, সুভাষ দাস, দ্বিজেন দাস, ক্ৰীড়া সংঘৰ সম্পাদক দ্বিপজ্যোতি কছাৰী লগতে ৰাণীৰ বিশিষ্ট লোক সকল তথা বহু সংখ্যক ফুটবল প্ৰেমী ৰাইজ উপস্থিত থাকে।
Trending
- National Lok Adalat & Consumer Awareness Programme on Lok Adalat Organized
- ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান
- দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন
- Career Counselling Seminar held at ADBU
- এয়াৰটেল ফাইনান্সে আৰম্ভ কৰিছে নতুন আঁচনি
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা
- এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে
- গুৱাহাটী কবি কিশোৰ কুমাৰ জৈনৰ দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন
- তামুলপুৰত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ