অসম পেট্রোকেমিকেলছ্ লিমিটেড(এপিএল)ৰ সম্প্ৰতি চলি থকা সম্প্ৰসাৰণ প্ৰকল্পৰ অগ্রগতি সন্দৰ্ভত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত এখন গুৰুত্বপূর্ণ বৈঠক আজি জনতা ভৱনৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত হয়। এপিএলৰ অধ্যক্ষ বিকুল ডেকা , উদ্যোগ বিভাগৰ সচিব লক্ষ্মণন এছ, আয়ুক্ত ঐনাম শৰণ কুমাৰ সিং, এপি এলৰ পৰিচালন সঞ্চালক ৰাজনীশ গগৈৰ লগতে অন্যান্য বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত উদ্যোগটোৰ সমপ্রতি চলি থকা প্ৰকল্পৰ অগ্রগতি সন্দৰ্ভত বুজ লৈ উদ্যোগ মন্ত্রী বড়াই এই কাম খৰতকীয়াকৈ কৰাৰওপৰত গুৰুত্ব আৰোপ কৰে। সভাত এপিএল ৰ পৰিচালন সঞ্চালক গৰাকীয়ে উদ্যোগটোৰ চলিথকা প্ৰকল্পৰ বিষয়ে অৱগত কৰে৷ ইয়াৰ পিছত উদ্যোগ মন্ত্রী বড়াই এসপ্তাহৰ ভিতৰতে এই সন্দৰ্ভত পুনৰ এখন পর্যালোচনা বৈঠক অনুষ্ঠিত কৰাৰ বাবে বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰে।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon