এচিয়ান ডেভেলেপমেন্ট বেংকৰ অৰ্থ সাহাৰ্য্যৰ ১০০০ কৌটি টকা ব্যয় সাপেক্ষে মঙলদৈত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ হ’ব।এই বিশ্ববিদ্যালয়খনৰ দেওবাৰে ভূমি পূজন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।বিশ্ববিদ্যালয় খনত পাঠ্যক্ৰমত বৃত্তি প্ৰস্তুত দক্ষতা, প্ৰামাণিক শিক্ষন,চেম্পিয়ন শিক্ষা,স্ব-নিযুক্তিৰ বাবে উদ্যোগ ক্ষমতা আৰু মঞ্চ প্ৰদান কৰা আদিকে ধৰি ৯ টা বিভাগ বা পাঠ্যক্ৰম থকাৰ লগতে চাৰিটা উৎকৰ্ষ সাধন প্ৰতিষ্ঠান থাকিব ।অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ দ্বাৰা, এছিয়ান ডেভেলপমেন্ট বেংকৰ পুঁজিৰে দক্ষতা শিক্ষা খণ্ডত এক অগ্রণী পদক্ষেপ হ’ব এই বিশ্ববিদ্যালয় খন ।অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হৈছে- সমগ্র পূব ভাৰতত প্রথম দক্ষতা বিশ্ববিদ্যালয়। বিশ্বমানৰ অত্যাধুনিক বিশ্ববিদ্যালয়। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সৈতে সামগ্রিক দক্ষতা শিক্ষা। নমনীয়, একাধিক প্রবেশ-একাধিক প্রস্থান শিক্ষা ব্যৱস্থা।সকলোৰে বাবে উপযুক্ত এখন বিশ্ববিদ্যালয়, বিদ্যালয় আধাতে সামৰা শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি স্নাতক আৰু স্নাতকোত্তৰ লৈকে উদ্যেগী আৰু কৰ্মক্ষেত্ৰত নিয়োজিত ব্যক্তি সকলোকে সামৰি ল’ব।বিশ্ব বিদ্যালয়ৰ খনৰ লক্ষ্য হৈছে বৃত্তি -প্ৰস্তুত দক্ষতা পাঠ্যক্ৰম, প্ৰামাণিক শিক্ষন, চেম্পিয়ন শিক্ষা, উদ্যোগত সংযোগৰ বাবে মডেল বিকাশ শিক্ষা, ষ্টাৰ্ট -আপ সমূহৰ উদ্ভাৱন কেন্দ্ৰ স্থাপন,স্ব-নিযুক্তিৰ বাবে মঞ্চ প্ৰদান, প্ৰশিক্ষণ আৰু অনুসৰি মানদণ্ড উন্নত কৰা, স্থানীয় আৰু ৰাষ্ট্ৰীয় প্ৰয়োজনীয়তাৰ বাবে প্ৰতিভা বিকাশ, শিক্ষাৰ্থীৰ বাবে সামগ্ৰিক শিক্ষণ।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ