নুমলীগড় তেল শোধনাগাৰৰ সামাজিক উন্নয়ন পুঁজি আঁচনিৰ ৩ কোটি টকাৰে বোকাখাতত স্থাপন হ’ব লগা মুকলি প্ৰেক্ষাগৃহটোৰ শিলান্যাস কৰে স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই।বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৃহৎ ভূমি সামৰি স্থাপন হ’ব লগা বৃহৎ প্ৰেক্ষাগৃহটোত ১২ শৰো অধিক লোক বহিব পাৰিব সোমবাৰে বিদ্যালয়খনত উপস্থিত হৈ ভূমি পূজন লগতে শিলান্যাস কৰে মন্ত্ৰী অতুল বৰাই। অহা ২০২৩ বৰ্ষৰ এপ্ৰিলৰ ২৫ তাৰিখে নুমলীগড় তেল শোধনাগাৰৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই মুকলি প্ৰেক্ষাগৃহটি উন্মোচন দিন ধার্য কৰি লৈছে শোধনাগাৰ কৰ্তৃপক্ষই। শিলান্যাস অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ সঞ্চালক কাজল শইকীয়া, আন দুগৰাকী বিষয়া ক্ৰমে বিশ্বজিৎ বৰা,মিন্টু সন্দিকৈ উপস্থিত থাকে।নুমলীগড় শোধনাগাৰৰ এনে পদক্ষেপক মন্ত্ৰী অতুল বৰাই আদৰণি জনোৱাৰ লগতে শোধনাগাৰ কৰ্তৃপক্ষই ভৱিষ্যতৰ দিনত এনেধৰণৰ জনহিতকৰ কাম কৰি যাব বুলি আশা কৰে।ইফালে নুমলীগড় শোধনাগাৰে সামাজিক উন্নয়ন পুঁজিৰ জৰিয়তে বোকাখাত মহকুমাৰ লগতে গোলাঘাট জিলাত শিক্ষা, স্বাস্থ্যখণ্ডত জনহিতকৰ কাম কৰি যাব বুলি কাজল শইকীয়াই জানিবলৈ দিয়ে।বোকাখাত নগৰৰ কাষতে থকা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাতক পৰ্যটন নগৰী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰিব শোধনাগাৰ কৰ্তৃপক্ষই।ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে বোকাখাতৰ সাপজুৰি সপ্তাহিক বজাৰত নাৱাৰ্ডৰ পুঁজিৰে নিৰ্মাণ কৰা এটা সুন্দৰ বজাৰ গৃহ উন্মোচন কৰাৰ লগতে বোকাখাত বি ডি এম পথৰ কাষত থকা চৰকাৰী ফিচাৰীৰ উন্নয়নৰ বাবে অসম কৃষি-বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ আঁচনি অধীনত ৭৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা বোকাখাত মীনপামৰ পৌনিক মাছ পোনা উৎপাদন কেন্দ্ৰ আৰু চৌহদৰ পকী বেৰা কামৰ আধাশিলা স্থাপন কৰে।
Trending
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন
- গুৱাহাটী বিশ্ববিদ্যালয়ত উপাসনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা
- ৰাণীৰ জয়পুৰত বন বিভাগৰ উদ্যোগত বিশ্ব ধৰিত্ৰী দিৱস পালন