সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰাক ক্ষণত গুৱাহাটী প্ৰেছ ক্লাৱে পুনৰ এবাৰ মিডিয়া ক্ৰিকেটৰ ফাইনেলত স্থান নিশ্চিত কৰিলে। অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা টপচেম এ এছ জে এ ক্ৰিকেট প্ৰতিযোগিতাত ক্ৰমাগতভাবে তৃতীয়বাৰৰ বাবে ফাইনেলত স্থান নিশ্চিত কৰিলে গুৱাহাটী প্ৰেছ ক্লাৱে। নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত এখন মেচত আয়োজক অসম ক্ৰীড়া সাংবাদিক সন্থাক ৬ ৰানত পৰাস্ত কৰিলে গুৱাহাটী প্ৰেছ ক্লাৱে। টছত জয়ী হৈ প্ৰথমে বেটিং কৰি গুৱাহাটী প্ৰেছ ক্লাৱে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৬০ ৰান। গুৱাহাটী প্ৰেছ ক্লাৱৰ হৈ মৃগাংক শৰ্মাই ৬২, অধিনায়ক বিনয় কলিতাই অপৰাজিত ৪৫ আৰু সঞ্জীৱ বেজবৰুৱাই আগবঢ়াই ২৪ ৰানৰ অৱদান। প্ৰত্যুত্তৰত অসম ক্ৰীড়া সাংবাদিক সন্থাই ১৫৪ ৰানতে সামৰে ইনিংছ। গুৱাহাটী প্ৰেছ ক্লাৱৰ হৈ বেটিঙত অপৰাজিত ৪৫ ৰান আৰু বলিঙত ১ উইকেট দখল কৰা বিনয় কলিতা বিবেচিত হয় মেন অব দ্যা মেচ। উল্লেখযোগ্য যে দেওবাৰে অনুষ্ঠিত হব লগীয়া ফাইনেলত গুৱাহাটী প্ৰেছ ক্লাব মুখামুখি হ’ব মিডিয়া মেনেজমেণ্টৰ।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon