আন্তৰ্জাতিক পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান পোৱা,ৰামছৰ ক্ষেত্ৰ হিচাপে পৰিচিত আৰু ভাৰতৰ ১৫ খন জলাশয়ৰ অন্যতম ,গুৱাহাটীৰ গাতে লাগি থকা দীপৰ বিলখন বিগত প্ৰায় দুটা দশকত চৰকাৰী-বেচৰকাৰী প্ৰত্যক্ষ-পৰোক্ষ পৃষ্ঠপোষকতাত ধ্বংসৰ মুখলৈ গতি কৰিছে। আনকি ২০০৫ চনৰ পৰা গুৱাহাটী পৌৰ নিগমে দীপৰ বিলৰ সমীপত আৱৰ্জনা পেলোৱাৰ বাবে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা আৰু তাৰো আগৰে পৰা পামহী কেনেলৰে গুৱাহাটীৰ বৰ্জিত আৰু দূষিত পানীভাগ দীপৰ বিলত পেলাই অহাৰ ফলত দীপৰ বিলৰ পানী ভয়াবহভাবে প্ৰদূষিত হৈ পৰিছে ।এনে ধৰণৰ পৰিবেশ ধ্বংসকাৰী কার্য বন্ধ কৰি বিলখনক উপযুক্তভাবে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত বিগত সময়চোৱাত দীপৰ বিল সুৰক্ষা মঞ্চকে ধৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল। কিন্তু গুৱাহাটী পৌৰ নিগম ,গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ ( জি এম ডি এ),গুৱাহাটী উন্নয়ন বিভাগকে ধৰি কোনো এটা বিভাগে বিলখনক উপযুক্তভাবে সংৰক্ষণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নোহোৱাত ৰাইজৰ মাজতো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।অৱশেষত বিলখনক সংৰক্ষণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ কামনা কৰি তিনি পৰিবেশ কর্মী ক্ৰমে – দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক আৰু চকৰদৌৰ গো – পালক প্ৰমোদ কলিতা,কাৰ্বিপাৰা ৰাইজ গয়ৰহৰ সভাপতি সনেশ টেৰণ আৰু গড়চুকৰ যুৱ সমাজকর্মী দীপক টেৰাঙে গুৱাহাটী উচ্চ ন্যায়ালয়ত অলপতে ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছে।সেই আৱেদনৰ ভিত্তিত ৰজু হোৱা গোচৰৰ ( গোচৰ নম্বৰ : পি আই এল / ১৮ /২০২৩ ) ভিত্তিত ১৭ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশে আবেদন গ্ৰহণ কৰি গুৱাহাটী পৌৰ নিগম,জি এম ডি এ ,ভাৰত চৰকাৰৰ বন ,পৰিবেশ সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয় , অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগকে ধৰি মুঠ ১৭ টা বিভাগ আৰু কৰ্তৃপক্ষক দীপৰ বিল সংৰক্ষণৰ বাবে এতিয়ালৈ কি কি তথা কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাক চাৰি সপ্তাহ বা অহা ২৭ এপ্ৰিলৰ ভিতৰত ন্যায়ালয়ত দাখিল কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছে। আনহাতে আৱেদনকাৰীৰ হৈ ন্যায়ালয়ত যুক্তি দাঙি ধৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা দেৱজিৎ কুমাৰ দাসে ।অৱশ্যে ন্যায়ালয়ৰ জাননী লাভ কৰাৰ পাছত সেই বিভাগ বা কৰ্তৃপক্ষ সমূহে কি উত্তৰ দিয়ে সেয়াহে লক্ষণীয় হ’ব।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি