অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ তিনিটা নিচামুক্তি কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰি কেন্দ্ৰকেইটাৰ আৱাসীৰ বাবে থকা সুবিধা অসুবিধাসমূহৰ বুজ লয়।মন্ত্ৰীগৰাকীয়ে ক্ৰমে মহানগৰীৰ দিচপুৰৰ জীৱনদান ৱেলনেচ ফাউণ্ডেশ্যন,বেলতলাৰ ৰিডেম্পচন ৱেলফেয়াৰ ফাউণ্ডেশ্যন আৰু খাৰঘুলিৰ ফেইথ ফাউণ্ডেশ্যনৰ অধীনত থকা নিচামুক্তি কেন্দ্ৰকেইটা পৰিদৰ্শন কৰে ।ইয়াৰে ফেইথ ফাউণ্ডেশ্যনৰ নিচামুক্তি কেন্দ্ৰটোত সৰু কোঠাতে জোখতকৈ বেছি আৱাসী থকা দেখা পাই মন্ত্ৰী হাজৰীকাই কেন্দ্ৰটোৰ স্বত্বাধিকাৰীক ইয়াৰ বাবে কঠোৰ সকীয়নি প্ৰদান কৰে।কেন্দ্ৰটোত থকা অতিৰিক্ত আৰু বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল আৱাসীসকলক দুদিনৰ ভিতৰত চৰকাৰী ব্যৱস্থাত গঢ় লোৱা নিচামুক্তি কেন্দ্ৰলৈ স্থানান্তৰিত কৰিবলৈ মন্ত্ৰী হাজৰীকাই আজিৰ পৰিদৰ্শনকালত সংগ দিয়া সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সঞ্চালকক নিৰ্দেশ দিয়ে।আনহাতে গোটেইকেইটা কেন্দ্ৰতে পৰিষ্কাৰ পৰিচন্নতা আৰু আৱাসীসকলৰ নিয়মীয়া স্বাস্থ্যপৰীক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ মন্ত্ৰীগৰাকীয়ে স্বত্বাধিকাৰীসকলক নিৰ্দেশ দিয়ে।
Trending
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত
- অপ্ৰমাদী কবি মাধৱ কন্দলিকৃত ৰামায়ণ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা গৱেষকসকললৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰদানৰ ব্যৱস্থা
- অৱসৰৰ দিনাই ১০ গৰাকী শিক্ষক-কৰ্মচাৰীলৈ পেঞ্চনৰ ব্যৱস্থা
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন