লখিমপুৰ জিলাত শিক্ষানুষ্ঠানৰ সময়সূচী সলনি

0 655

ৰাজ্যখনৰ লগতে লখিমপুৰ জিলাতো বিগত সময়চোৱাত পাৰাস্তম্ভ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে সৃষ্টি হোৱা প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত  লখিমপুৰ জিলা প্ৰশাসনে জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ প্ৰাথমিক , মজলীয়া আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহৰ দৈনিক পাঠদানৰ সময়সূচী সলনি কৰিছে। জিলাখনৰ শিক্ষাৰ্থী সকলৰ স্বাস্থ্য সুৰক্ষাগত দিশলৈ লক্ষ্য ৰাখি জিলা প্রশাসনৰ তৰফৰ পৰা দেওবাৰে জাৰি কৰা নতুন সময় সূচী অনুসৰি সকলোবোৰ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান আৰম্ভ হব পুৱা ৭-৩০ বজাত আৰু শেষ হব দুপৰীয়া ১২-৪৫ বজাত । তেনেদৰে  উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান আৰম্ভ হব পুৱা ৭-৩০ বজাত আৰু শেষ হব বিয়লি
১-১৫ বজাত। জিলাখনৰ  উপায়ুক্তৰ ই স্বাক্ষৰিত ডি ই ভি/ ১৯৩/২০২২-ডি ই ভি বি-এল কে পি আৰ নম্বৰৰ এক জাননী যোগে তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা দেওবাৰে জাৰি কৰা হৈছে আৰু পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত এই নিৰ্দেশ বাহাল থাকিব বুলি নিৰ্দেশনাটোত প্ৰকাশ। জিলা প্ৰশাসনৰ তৰফৰ পৰা এই সন্দৰ্ভত সকলো সংশ্লিষ্ট বিভাগ আৰু মহকুমা প্ৰশাসনলৈ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.