আজি সদৌ অসম নিবনুৱা যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ,পৰিষদৰ গুৱাহাটী পাঞ্জাবাৰী স্থিত মুখ্য কাৰ্যলয়ত। পুৱা ১০ বজাত পৰিষদৰ স্থায়ী সভাপতি সমাজ বন্ধু ছাজন ভূঞাই পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । শ্বহীদ তৰ্পণ ও বন্তি প্ৰজ্বলন কৰে পৰিষদৰ কেন্দ্ৰীয় সম্পাদক প্ৰাঞ্জল প্ৰতীম বৰা আৰু সোণপৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদৰ মুখ্য সম্পাদক ঊষামণি শইকীয়াই। সভাত প্ৰতিষ্ঠাপক সভাপতি গুৱাহাটী প্ৰাণ, প্ৰয়াত ধীৰেন বৰুৱা দেৱৰ স্মৃতিচাৰণ কৰে পৰিষদৰ মুখ্য সমন্বয়ক জিণ্টু ডেকাই। নিবনুৱা পৰিষদৰ কাৰ্যকৰী সভাপতি লখিমপুৰ জিলাৰ ক্ষীৰোদ চেতিয়াই নিবনুৱা পৰিষদ কাৰ্যাৱলীৰ বৰ্ণনা কৰি কয় যে পৰিষদে ইতিমধ্যেই বহু কেইজন নিবনুৱা যুৱকক ক্ষুদ্ৰ উদ্যোগৰ প্ৰশিক্ষণ দিয়া,বিনামূলীয়াকৈ কম্পিউটাৰৰ প্ৰশিক্ষণ দিয়া, বাহঁ-বেটৰ ফাৰ্নিচাৰ বনোৱা, পশু পালন,মীন পালনৰ প্ৰশিক্ষণ প্ৰদান কৰি স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত উৎসাহ প্ৰদান কৰিছে।উক্ত সভাত আমন্ত্ৰিত অতিথি কবি লেখিকা ঊষামণি শইকীয়াই কয় যে আমাৰ উচ্চ শিক্ষিত নৱ প্ৰজন্মই চৰকাৰী চাকৰী মুখী নহৈ বিভিন্ন ধৰণৰ ক্ষুদ্ৰ উদ্যোগৰ যোগেদি স্বনিয়োজনৰ ব্যৱস্থা কৰাতহে অধিক গুৰুত্ব প্ৰদান কৰিব লাগে।পৰিষদৰ স্থায়ী সভাপতি সমাজ বন্ধু ছাজন ভূঞা কয় যে চৰকাৰে পাঁচ বছৰত পাঁচ লাখ নিবনুৱাক কৰ্মসংস্থা দিম বুলি দিয়া প্ৰতিশ্ৰুতি পুৰণ কৰিব পাৰিব জানো,যিহেতু আজি দুবছৰেও এক লাখ নিযুক্তি সম্পুৰ্ণ কৰিব পৰা নাই। আৰু অতি শীঘ্ৰেই আৰু কেইবাটাও সমস্যালৈ অতি সোণকালে মুখ্যমন্ত্ৰী মহোদয়ৰ কাষ চাপিব বুলি জনাই।আজিৰ অনুষ্ঠান শিলচৰ , লখিমপুৰ, তিনিচুকীয়া, নগাওঁ, ধেমাজি, নলবাৰী, যোৰহাট, বৰপেটাকে আদি কৰি প্ৰায় ১২ খন জিলাৰ প্ৰতিনিধি আৰু বিষয়ববীয়াই অংশ গ্ৰহণ কৰে।আজিৰ অনুষ্ঠানত নিবনুৱা পৰিষদে সাহিত্য সংগঠক লেখিকা ঊষামণি শইকীয়া, সমাজ সেৱিকা অঞ্জনা দাস, অভিনেত্ৰী কবিতা দুৱৰা,যুৱ সাংবাদিক,লেখিকা পাৰিজাত সন্দিকৈ , শিশুশিল্পী আৰুচী আফ্ৰিন,দেৱাশ্ৰী ডেকা, মৈত্ৰেয়ী বৰাক তেখেত সকলে বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বঁটাও সম্বৰ্ধনা প্ৰদান কৰে । উক্ত অনুষ্ঠানতে গুৱাহাটীৰে কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ লগতে প্ৰায় শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে বুলি পৰিষদৰ সম্পাদক প্ৰণৱ মেধিয়ে জানিবলৈ দিয়ে।
Trending
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান