সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত কালি বিয়লি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত থকা যুদ্ধ স্মাৰক উদ্যানত কাৰ্গিল বিজয় দিৱস পালন কৰা হয়৷ অনুষ্ঠানত আদৰণি ভাষণ দিয়ে সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ সঞ্চালক বিগ্ৰেডিয়াৰ ডি মজুমদাৰে৷ অনুষ্ঠানৰ মুখ্য অতিথি অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল পি কে ভড়ালীয়ে কাৰ্গিল যুদ্ধৰ ছহিদসকলক শ্ৰদ্ধা জনাই পুষ্পাঞ্জলি অৰ্পন কৰে৷ অনুষ্ঠানত লায়ন্স ক্লাৱৰ তৰফৰ পৰা অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল পি কে ভড়ালী, বিগ্ৰেডিয়াৰ ডি মজুমদাৰ আৰু কৰ্ণেল ডি কে বৰাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল পি কে ভড়ালীয়ে ছহিদসকলক সুঁৱৰি আৰু কৰ্ণেল ডি কে বৰাই কাৰ্গিল যুদ্ধৰ স্মৃতি বৰ্ণনা কৰি ভাষণ দিয়ে৷অনুষ্ঠানত কেবাটাও দেশপ্ৰেমমূলক গীত পৰিবেশন কৰা হয়৷সন্ধিয়া যুদ্ধ স্মাৰক উদ্যানত মমবাটি প্ৰজ্বলন কৰা হয়৷
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী