0 637

লোকসংস্কৃতিৰ লগত জড়িত শিল্পীসকলৰ লগতে লোকসংস্কৃতিসমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ মহান স্বাৰ্থত আগষ্টত সত্ৰপীঠ মাজুলীৰ ঐতিহাসিক টুনী নৈৰ পাৰত অৱসৰপ্ৰাপ্ত শিক্ষক,সাহিত্য সেৱক অনিল চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত জনসভাত লোকসংস্কৃতি সুৰক্ষা সমিতি অসম ৰাজ্যিক সমিতিখন গঠন কৰা হয়। বিশিষ্ট সামাজিক আৰু সাংস্কৃতিক কৰ্মী কুমুদ চন্দ্ৰ দাসৰ আহ্বানত অনুষ্ঠিত সাধাৰণ সভাখনিত সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰখনৰ লগত সুদীৰ্ঘ সময় জড়িত থাকি সেৱা আগবঢ়াই থকা কৰ্মীসকলে অংশ গ্ৰহণ কৰি সাম্প্ৰতিক সময়ত বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা শিল্পীসকলৰ প্ৰগতিৰ স্বাৰ্থত তথা বিভিন্ন সাংস্কৃতিক উপাদান সমূহ সুৰক্ষিত কৰণৰ সন্দৰ্ভত বিস্তৃতভাবে ব্যাখ্যা আগবঢ়াই এখন সবল সমিতি গঠনৰ পৰামৰ্শ আগবঢ়ায়।উল্লেখ্য যে সভাত বিশিষ্ট লোকসংগীতৰ সাধক বিষ্ণু দাস, জনপ্ৰিয় সাংস্কৃতিক কৰ্মী, ঘোষক দীপক বৰুৱা, সমাজকৰ্মী দীপক নেওগ, বিশিষ্ট লেখিকা লক্ষিমী শইকীয়া বৰা,মাজুলী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতুপন শৰ্মা,মাজুলী জিলা যুৱ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পবিত্ৰ বৰা, বিশিষ্ট সমাজ সেৱক ফিজু দত্ত, বিশিষ্ট শিল্পী খগেন গোস্বামী আৰু সভাৰ আহ্বায়ক কুমুদ চন্দ্ৰ দাসে সভাৰ বিষয়ৰ সম্পৰ্কে বিশদ ব্যাখ্যা আগবঢ়াই ৰাজ্যিক সমিতিখন গঠনৰ যোগেদি লোকসংস্কৃতি সুৰক্ষাৰ দিশটো বৰ্তাই ৰখাৰ পোষকতা কৰে।সভাত বিশিষ্ট অতিথি হিচাপে মাজুলীৰ প্ৰবীণ চিত্ৰশিল্পী তিলক ৰাজখোৱা, অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাস, কলাশ্ৰী তথা অসম চৰকাৰৰ লোকসেৱা বঁটা প্ৰাপক আনন্দ চন্দ্ৰ শইকীয়া, বিশিষ্ট শিল্পী লোকনাথ কুটুম, শিল্পী প্ৰভাত গোস্বামী,জাহ্নৱী মিশ্ৰ, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি বিকাশ দাস স্থানীয় ডেকাশেনচোৱা গাঁৱৰ গাঁওপ্ৰধান তুলসী দাস, গাঁওৰক্ষী বাহিনীৰ সভাপতি ডিম্বেশ্বৰ দাস, সম্পাদক বিপিন দাস, সমাজ কৰ্মী কফুল দাস , ৰাষ্ট্ৰীয় মুৱাই থাই বক্সিং খেলুৱৈ বীবী দাস আৰু ৰিভামণি দাস আদি উপস্থিত থাকে।

পদ্মশ্ৰী ড° হেমচন্দ্ৰ গোস্বামী প্ৰভুজনাক মুখ্য উপদেষ্টা, অধ্যাপক ড° ৰাজেন বৰা আৰু অনিল চৰকাৰক উপদেষ্টা, অসম চৰকাৰৰ লোকসেৱা বঁটা প্ৰাপক আনন্দ চন্দ্ৰ শইকীয়াক সমিতিৰ সভাপতি, ফিজু দত্তক কাৰ্যকৰী সভাপতি, চিত্ৰ শিল্পী তিলক ৰাজখোৱা, দীপক নেওগক উপ-সভাপতি, অনাতাঁৰ দূৰদৰ্শন শিল্পী বিষ্ণু দাসক প্ৰধান সম্পাদক, লেখিকা লক্ষিমী শইকীয়া বৰা আৰু প্ৰভাত গোস্বামীক যুটীয়া সম্পাদক, প্ৰণৱ দাস, প্ৰসন্ন দাসক সহঃ সম্পাদক,শিল্পী যোগেন হাজৰিকা, জাহ্নৱী মিশ্ৰক সাংস্কৃতিক সম্পাদক,খগেন গোস্বামী, অৰূপ কুমাৰ দাসক সাংগঠনিক সম্পাদক, জনপ্ৰিয় ঘোষক দীপক বৰুৱাক কোষাধ্যক্ষ আৰু বিশিষ্ট সাংবাদিক উৎপল বৰা, জ্যোতিষ তামূলী, মিটু খাটনীয়াৰ, প্ৰাঞ্জল গাৰেক প্ৰচাৰ সম্পাদক হিচাপে লৈ এখনি সৱল সমিতি গঠন কৰা হয়।
যোৱা ২৯ আগষ্ট মঙ্গলবাৰে অনুষ্ঠিত কাৰ্যকৰী সভাই আগন্তুক ২৪, ২৫ ডিচেম্বৰত ঐতিহাসিক টুনী নৈৰ পাৰত দুদিনীয়া বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘লোকসংগীতৰ মহাযাত্ৰা শীৰ্ষক’ মহোৎসৱভাগি উদযাপনৰ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা হয়। অনুষ্ঠানটি সৰ্বাঙ্গসুন্দৰ ৰূপত সফল কৰিবৰ বাবে এখনি সৱল উদযাপন সমিতিৰ উপৰিও ১৫ খন উপ-সমিতি গঠন কৰা হয়।
ইতিমধ্যে বিশিষ্ট সমাজ সেৱক তাৰানাথ মহন্তক সভাপতি আৰু যুৱসমাজকৰ্মী প্ৰফুল্ল কুমাৰ দাসক প্ৰধান সম্পাদক হিচাপে লৈ মূল সমিতিখনে ত্বৰিৎ গতিত কামকাজত উঠি পৰি লাগিছে।
লোকসংগীতৰ মহাযাত্ৰা অনুষ্ঠানৰ মুখ্য ব্যৱস্থাপক হিচাপে বিশিষ্ট সামাজিক- সাংস্কৃতিক কৰ্মী কুমুদ চন্দ্ৰ দাসক আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.