ভাৰতবৰ্ষৰ জ্ঞান-পৰম্পৰাক সাহিত্য-চৰ্চাৰ মূল কেন্দ্ৰবিন্দু হিচাপে পুনৰ প্ৰতিষ্ঠাৰ দৰে সুদূৰপ্ৰসাৰী লক্ষ্য সন্মুখত লৈ গুৱাহাটীত অনুষ্ঠিত হ’বলৈ গৈ আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন সাহিত্য উৎসৱ। শংকৰদেৱ শিক্ষা গৱেষণা ন্যাস আৰু প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ সৌজন্যত অহা ২৯ চেপ্তেম্বৰৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ শীৰ্ষক এই সাহিত্য উৎসৱত এই অঞ্চলটোৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেবাজনো আগশাৰীৰ সাহিত্যিক তথা সাহিত্য কৰ্মীয়ে অংশগ্ৰহণ কৰিব। লগতে এই উৎসৱৰ লগত সংগতি ৰাখি শ্ৰেষ্ঠ সাহিত্য কৰ্মৰ বাবে আৰু উদীয়মান, যুৱ লেখক- লেখিকাক উৎসাহিত কৰাৰ বাবে ক্ৰমে দুটা শিতানত “প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটাও প্ৰদান কৰা হ’ব। আজি দিশপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত এই কথা সদৰি কৰে স্বনামধন্য সাহিত্যিক তথা “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ” আয়োজক সমিতিৰ সভাপতি ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু সাধাৰণ সম্পাদক তথা যুৱ সাহিত্য কৰ্মী বিক্ৰম কলিতাই। শংকৰদেৱ শিক্ষা গৱেষণা ন্যাসৰ সচিব তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ বিভাগীয় অধ্যক্ষ সুদেষ্ণা ভট্টাচাৰ্যই উঠি অহা যুৱ প্ৰজন্মৰ মাজলৈ প্ৰাচীন অসমৰ পৰম্পৰা আৰু বিশ্বাসক লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰি প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ মূল বিষয়বস্তুৰ ওপৰত সাংবাদিকৰ আগত আলোকপাত কৰে। “In Search of Roots” অৰ্থাৎ চৰ্চাৰ অভাৱত সাহিত্য কৰ্মৰ পৰা বাদ পৰি ৰোৱা আমাৰ দেশৰ পুৰাতন বৈভৱ, ঐশ্বৰ্যক পুনৰ অন্বেষণ কৰি তাৰ সৌৰভেৰে নতুন প্ৰজন্মক উদ্ভাসিত আৰু অনুপ্ৰাণিত কৰাটোৱেই হ’ব প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ প্ৰথম বৰ্ষৰ মূল বিষয়বস্তু। আয়োজক সমিতিৰ সভাপতি ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়েও সংবাদমেলত অংশ লৈ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ জৰিয়তে ভাৰতবৰ্ষৰ ঐতিহ্য, পৰম্পৰাৰ প্ৰতি আজিৰ যুৱ প্ৰজন্মক পৰিচয় কৰাই দিয়াৰ প্ৰয়োজনীয়তা সন্দৰ্ভত মত প্ৰকাশ কৰে। আয়োজক সমিতিৰ সম্পাদক কলিতাই সদৰি কৰা মতে, মূল বিষয়বস্তুৰ লগত সংগতি ৰাখি তিনিদিনীয়া অনুষ্ঠানটোৰ সমূহ কাৰ্যসূচী যুগুতোৱা হৈছে। গুৱাহাটীৰ জিলা পুথিভঁৰাল আৰু অসম সাহিত্য সভা ভৱন চৌহদত অনুষ্ঠিত হ’বলগীয়া এই সাহিত্যৰ মহামেলাত ইতিহাস, সংস্কৃতি, অনুবাদ সাহিত্য, প্ৰকৃতি, চিনেমা, কাব্য সাহিত্য, পৰম্পৰা, ঐতিহ্য আদি বিষয়সমূহ উৎসৱৰ মূল বিষয়বস্তুৰ আলমত ফঁহিয়াই চোৱা হ’ব। বিভিন্ন আলোচনা চক্ৰ, সমল ব্যক্তিৰ জ্ঞান-গৰ্ভ বিশ্লেষণ আদিৰ জৰিয়তে মূলতঃ নতুন প্ৰজন্মৰ সন্মুখত ভাৰতীয় ঐতিহ্যৰ সবল তথা ঐশ্বৰ্যশালী ভেটি উন্মোচিত কৰা হ’ব। সভাপতি-সম্পাদকদ্বয়ে লগতে জনায়- সাহিত্য উৎসৱৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত সৃজনীমূলক সাহিত্য, কবিতা পাঠ আদি বিষয়ত কৰ্মশালা, তথা কুইজ আদিৰো আয়োজন কৰা হৈছে। বিশিষ্ট সাহিত্যিক দেৱচৌধুৰী আৰু সাহিত্য কৰ্মী কলিতাই সাহিত্য উৎসৱখন সফল কৰি তুলিবলৈ সমাজৰ প্ৰতিটো স্তৰৰ লোকক আহ্বান জনায়।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ