দক্ষিণ কামৰূপৰ উপৰহালীত অত্যাধুনিক সা-সৰঞ্জমৰে পুৰুষ আৰু মহিলাৰ চুলি কটা, মেকাপ, বিউতিচিয়ান তথা এইবোৰ বিষয়ৰ ওপৰত অধ্যয়ন কৰিব পৰাকৈ এখন জিএলঅ’ ষ্টুডিঅ’ আৰু একাডেমী আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। জিএলঅ’ ষ্টুডিঅ’ আৰু একাডেমীখন মুকলি কৰে বিশিষ্ট অভিনেত্ৰী ৰিম্পী দাসে। মুকলি কৰি অভিনেত্ৰী দাসে জিএলঅ’ ষ্টুডিঅ’ আৰু একাডেমীৰ জড়িয়তে অঞ্চলটোৰ পুৰুষ আৰু মহিলাই চুলি কটাকে ধৰি বিভিন্ন ধৰণৰ শৈলী কৰিব পাৰিব। লগতে নিজকে সুন্দৰ হব পৰাকৈ মেকাপ বিউতিচিয়ান আদিও কৰিব পাৰিব। বিশেষকৈ অত্যাধুনিক পাৰ্লাখনে এই বিষয়বোৰৰ ওপৰত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ বাবে একাডেমী এখনৰ ব্যৱস্থা কৰিছে। ইয়াৰ জড়িয়তে যুৱক-যুৱতীসকলে উপকৃত হব পাৰিব। এই অত্যাধুনিক পাৰ্লাৰ স্থাপন কৰা বাবে জিএলঅ’ ষ্টুডিঅ’ আৰু একাডেমীৰ স্বত্বাধিকাৰী জীয়া কলিতা আৰু ৰুমী দাসৰ শলাগ লয় অভিনেত্ৰী ৰিম্পী দাসে। অনুষ্ঠানত আন এগৰাকী বিশিষ্ট অভিনেত্ৰী মেঘৰঞ্জনীয়ে উপস্থিত থাকি কেক কাটি পাৰ্লাখনৰ উজ্বল ভৱিষ্যত কামনা কৰে। আনহাতে স্বত্বাধিকাৰী জীয়া কলিতা আৰু ৰুমী দাসে এখন অত্যাধুনিক পাৰ্লাৰ স্থাপন কৰাৰ বাবে বহুদিনীয়া সপোন আছিল কোৱাৰ লগতে আজি এই পাৰ্লাৰ মুকলি হোৱাত আনন্দ প্ৰকাশ কৰে। অনুষ্ঠানত সাংবাদিক চক্ৰপানী পৰাশৰ, বিশিষ্ট ব্যৱসায়ী পৰাগ কুমাৰ দাস, ৰাজীৱ তালুকদাৰৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে-৮২ খন ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ ফ্লেগ অফ কৰে