দক্ষিণ কামৰূপৰ উপৰহালীত অত্যাধুনিক সা-সৰঞ্জমৰে পুৰুষ আৰু মহিলাৰ চুলি কটা, মেকাপ, বিউতিচিয়ান তথা এইবোৰ বিষয়ৰ ওপৰত অধ্যয়ন কৰিব পৰাকৈ এখন জিএলঅ’ ষ্টুডিঅ’ আৰু একাডেমী আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। জিএলঅ’ ষ্টুডিঅ’ আৰু একাডেমীখন মুকলি কৰে বিশিষ্ট অভিনেত্ৰী ৰিম্পী দাসে। মুকলি কৰি অভিনেত্ৰী দাসে জিএলঅ’ ষ্টুডিঅ’ আৰু একাডেমীৰ জড়িয়তে অঞ্চলটোৰ পুৰুষ আৰু মহিলাই চুলি কটাকে ধৰি বিভিন্ন ধৰণৰ শৈলী কৰিব পাৰিব। লগতে নিজকে সুন্দৰ হব পৰাকৈ মেকাপ বিউতিচিয়ান আদিও কৰিব পাৰিব। বিশেষকৈ অত্যাধুনিক পাৰ্লাখনে এই বিষয়বোৰৰ ওপৰত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ বাবে একাডেমী এখনৰ ব্যৱস্থা কৰিছে। ইয়াৰ জড়িয়তে যুৱক-যুৱতীসকলে উপকৃত হব পাৰিব। এই অত্যাধুনিক পাৰ্লাৰ স্থাপন কৰা বাবে জিএলঅ’ ষ্টুডিঅ’ আৰু একাডেমীৰ স্বত্বাধিকাৰী জীয়া কলিতা আৰু ৰুমী দাসৰ শলাগ লয় অভিনেত্ৰী ৰিম্পী দাসে। অনুষ্ঠানত আন এগৰাকী বিশিষ্ট অভিনেত্ৰী মেঘৰঞ্জনীয়ে উপস্থিত থাকি কেক কাটি পাৰ্লাখনৰ উজ্বল ভৱিষ্যত কামনা কৰে। আনহাতে স্বত্বাধিকাৰী জীয়া কলিতা আৰু ৰুমী দাসে এখন অত্যাধুনিক পাৰ্লাৰ স্থাপন কৰাৰ বাবে বহুদিনীয়া সপোন আছিল কোৱাৰ লগতে আজি এই পাৰ্লাৰ মুকলি হোৱাত আনন্দ প্ৰকাশ কৰে। অনুষ্ঠানত সাংবাদিক চক্ৰপানী পৰাশৰ, বিশিষ্ট ব্যৱসায়ী পৰাগ কুমাৰ দাস, ৰাজীৱ তালুকদাৰৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন