২০২৪ বৰ্ষৰ মুঠ চৰকাৰী বন্ধ ৩৬ দিন

0 198

২০২৪ ৰ বাবে চৰকাৰী মুঠ বন্ধ ৩৬ দিনৰ বিপৰীতে দুদিন থাকিব অৰ্ধছুটী৷২০২৪ ৰ বাবে আজি প্ৰকাশ কৰা বন্ধ তালিকা অনুসৰি ১৫, ১৬ জানুৱাৰীত মাঘ বিহু আৰু টুছু পূজা, ২৩ জানুৱাৰীত বাথৌ পূজা, নেতাজীৰ জন্মদিন, ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস, ৩১ জানুৱাৰীত মে-ডাম-মে-ফি, ২৪ ফেব্ৰুৱাৰীত চিলাৰায় দিৱস,২৫ মাৰ্চত দৌল যাত্ৰা,২৯ মাৰ্চত গুড ফ্ৰাইডে,১১ এপ্ৰিলত ঈড ঊল ফিটৰ,১৩,১৪,১৫ এপ্ৰিলত ব’হাগ বিহু,২০ এপ্ৰিলত সতী সাধিনী দিৱস,১ মে’ত মে’দিৱস,৮ মে’ত দামোদৰ দেৱৰ তিথি,২৩ মে’ত বুদ্ধ পূৰ্ণিমা, ২৪ মে’ত মাধৱ দেৱৰ তিথি, ১৭ জুনত ঈড ঊল জুহা, ১৫ আগষ্টত স্বাধীনতা দিৱস,২৩ আগষ্টত মাধৱদেৱৰ তিৰোভাৱ তিথি, ২৬ আগষ্টত জন্মাষ্টমী,৪ ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, ১৪ ছেপ্টেম্বৰত কৰম পূজা,২ অক্টোবৰ গান্ধী জয়ন্তী,১০ ,১১, ১২অক্টোবৰত দুৰ্গা পূজা,১৩ অক্টোবৰত বিজয়া দশমী আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ,১৭ অক্টোবৰত কাতি বিহু, ৩১ অক্টোবৰত কালি পূজা আৰু দেৱালী,৫ নৱেম্বৰত ভাতৃ দ্বিতীয়া, ৭ নৱেম্বৰ চট পূজা, ১৫ নৱেম্বৰ গুৰু নানকৰ জয়ন্তী,২৪ নৱেম্বৰ লাচিত দিৱস, ২ ডিচেম্বৰ অসম দিৱস আৰু ২৫ ডিচেম্বৰত খ্ৰীষ্টমাছ। এই দিন কেইটাত সম্পূৰ্ণ বন্ধ থাকিব।
একেদৰে ১৭ জুলাইত মহৰম আৰু ১৬ অক্টোবৰৰ লক্ষ্মী পূজাত অৰ্ধ ছুটিৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। উল্লিখিত দিন দুটাত সকলো চৰকাৰী কাৰ্যালয় দিনৰ ১ বজাত বন্ধ হ’ব।

Leave A Reply

Your email address will not be published.