আন্ত:ৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলাত ছগৰাকী বিশিষ্ট ব্যক্তিক উৎকৰ্ষ বঁটা প্ৰদান উদ্যোগ মন্ত্রী বিমল বড়াৰ
ৰাজ্যৰ অৰ্থনৈতিক বিকাশ হ’বলৈ বাণিজ্যিক কার্যকলাপ বৃদ্ধি হ’বই লাগিব’ – ইন্ডাষ্ট্রিজ এণ্ড ট্ৰেড ফেয়াৰ এছ’চিয়েচন, অসম(ইটফা)ৰ উদ্যোগত মহানগৰীৰ বেটকুছিৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত ১নবেম্বৰৰ পৰা অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলাত উৎকৰ্ষ বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াই এইদৰে কয়। ইটফাই বিগত২৮ বছৰ ধৰি আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্য মেলা আয়োজন কৰি বিশ্বৰ বহু আগশাৰীৰ দেশৰ প্ৰতিষ্ঠানক এই মেলালৈ আমন্ত্রণ কৰি আনি ইয়াত সামগ্রী প্ৰদৰ্শনৰ সুবিধা প্ৰদান কৰাৰ সমান্তৰাল ভাৱে স্হানীয় ব্যৱসায়ী তথা উদ্যমী সকলক সা- সামগ্রী বিপণনৰ লগতে দেশৰ অন্য প্ৰান্তৰ ব্যৱসায়ী সকলৰে সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্রতো অগ্রণী ভূমিকা লোৱা বুলিও মন্ত্রী বড়াই ভাষণত উল্লেখ কৰে।
ব্যৱসায়ৰ এক সুস্থ পৰিবেশ গঢ়ি উঠিলেহে দেশৰ অন্য প্ৰান্তৰ বাণিজ্যিক প্ৰতিষ্ঠান সমূহৰ অসমলৈ আগমনৰ পথ প্ৰশস্ত হ’ব বুলিও তেও কয়।
ইয়াৰ পূৰ্বে মন্ত্রী বড়াই ইটফাৰ উপ-সভাপতি ৰাজেশ দাস আৰু সম্পাদক ৰাজীৱ দাসৰ উপস্থিতিত বিভিন্ন ক্ষেত্রত বিশিষ্ট বৰঙণি আগবঢ়োৱা ছগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে জি এন আৰ চি হাস্পতালৰ প্ৰতিষ্ঠাপক ডাঃনোমল বড়া, প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীব নাৰায়ণ, চলচ্চিত্র পৰিচালক সঞ্জীব সভাপণ্ডিত, মাৰিয়া মন্টেশ্বৰীৰ পৰিচালন সঞ্চালিকা নেলী আহমেদ, নন্দন হোটেলৰ পৰিচালন সঞ্চালক অৰুণ শৰ্মা আৰু শ্বেখ ব্ৰাদাৰ্ছক”গুৱাহাটী বাণিজ্য মেলা উৎকৰ্ষ বঁটা ” প্ৰদান কৰে। উল্লেখ্য যে অহা ১৭ নবেম্বৰলৈ চলিব লগা এই বাণিজ্য মেলাত দেশ-বিদেশৰ শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে।