খেৰকটা সমবায় সমিতিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

0 205

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ খেৰকটা সমবায় সমিতি লিমিটেডে অসম সমবায় সমিতি আইন -২০০৭ অধীনত  সমবায়খনৰ অন্তৰ্গত চৰকাৰী গাঁও প্ৰধান আৰু সমবায় এজেন্ট সকলৰ সহযোগিতাত সংশোধনী খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰি মঙলবাৰে প্ৰকাশ কৰিছে। ২০২৩-২০২৪ বর্ষৰ এই  সংশোধিত খচৰা ভোটাৰ তালিকা অংশীদাৰী আৰু সাধাৰণ  ৰাইজৰ পৰ্যবেক্ষণ আৰু নিৰীক্ষণৰ বাবে সমবায় সমিতিৰ কাৰ্যালয়ত  মঙলবাৰে আঁৰি দিয়া হৈছে । উক্ত খচৰা ভোটাৰ তালিকাৰ সংশোধনী সন্দৰ্ভত কোনো অংশীদাৰীৰ যদি কিবা উজৰ আপত্তি আছে তেন্তে অহা ৮ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰৰ ভিতৰত কাৰ্যালয়ৰ কৰ্ম দিন আৰু কৰ্ম সময়ৰ ভিতৰত  এনে ওজৰ আপত্তি নিস্পতি কৰিবলৈ তথ্য সহকাৰে লিখিত ভাবে অভিযোগ দাখিল কৰাৰ বাবে অংশীদাৰী সকলৰ প্ৰতি আহ্বান জনাইছে সমবায় সমিতিখনৰ এজনীয়া  তদৰ্থ সমিতিৰ সভাপতি ভীম প্ৰসাদ গজুৰেল আৰু সম্পাদক ৰাজীৱ দলেযে। উক্ত নিৰ্ধাৰিত সময়ৰ ভিতৰত যদি অংশীদাৰী সকলে ওজৰ আপত্তি দাখিল নকৰে তেন্তে পৰৱৰ্তী সময়ত  ভোটাৰ তালিকাৰ ওপৰত কোনো ওজৰ আপত্তি গ্ৰহণ কৰা নহব বুলি স্পষ্ট কৰি দি এইক্ষেত্ৰত অংশীদাৰী ৰাইজৰ সক্ৰিয়তা আৰু সচেতনতা এজনীয়া সমিতিখনে কামনা কৰিছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.