ৰাজ্যৰ ফটো সাংবাদিকসকলৰ ঐতিহ্যমণ্ডিত সংস্থা অসম ফটো সাংবাদিক সন্থাৰ সাধাৰণ সভাখন যোৱা ১৬ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈ যায়। সভাখনত ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমত কৰ্মৰত ফটো সাংবাদিক সকলৰ কল্যানৰ অৰ্থে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে সন্থাৰ নতুন কেন্দ্ৰীয় সমিতিখনো গঠন কৰা হয়। জেষ্ঠ্য ফটো সাংবাদিক চিন্ময় ৰয়ক মুখ্য উপদেষ্টা তথা উৎপল বৰুৱা, ৰিতুৰাজ কোঁৱৰ, অনুপম নাথ, ৰাজীৱ ভট্টাচাৰ্য, সমৰেন্দ্ৰ শৰ্মা, এছ লাল সিঙক উপদেষ্টা হিচাপে লৈ গঠিত সমিতিখনত ধনীৰাম কলিতাক সভাপতি, বিজু বড়ো আৰু পিতাম্বৰ নেৱাৰক উপ সভাপতি, ৰেৱ কুমাৰ বৰাক সম্পাদক, গুণমণি শৰ্মাক যুটীয়া সম্পাদক, দিব্যজ্যোতি দাস ৰাভাক কোষাধ্যক্ষ হিচাপে মনোনীত কৰাৰ লগতে কাৰ্যবাহী সদস্যৰূপে মহেশ চৌধুৰী, আব্দুল চাজিদ, শুভময় ভট্টাচাৰ্য্য, মানস পৰাণ, সুৰজিৎ শৰ্মা, ৰূপজ্যোতি শৰ্মা, দশৰথ ডেকা, হাফিজ আহমেদ, ইন্দ্ৰজিৎ দাস আৰু আনোৱাৰ হুছেইনক মনোনীত কৰি ৩২ জনীয়া পূৰ্ণাংগ সমিতিখন গঠন কৰা হৈছে। সমিতিখনৰ সদস্য পদ গ্ৰহণ কৰিবলৈ ৰাজ্যৰ সকলো ফটো সাংবাদিকক আহ্বান জনাইছে সমিতিৰ বিষয়ববীয়া সকলে।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা