ৰাজ্যৰ ফটো সাংবাদিকসকলৰ ঐতিহ্যমণ্ডিত সংস্থা অসম ফটো সাংবাদিক সন্থাৰ সাধাৰণ সভাখন যোৱা ১৬ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈ যায়। সভাখনত ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমত কৰ্মৰত ফটো সাংবাদিক সকলৰ কল্যানৰ অৰ্থে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে সন্থাৰ নতুন কেন্দ্ৰীয় সমিতিখনো গঠন কৰা হয়। জেষ্ঠ্য ফটো সাংবাদিক চিন্ময় ৰয়ক মুখ্য উপদেষ্টা তথা উৎপল বৰুৱা, ৰিতুৰাজ কোঁৱৰ, অনুপম নাথ, ৰাজীৱ ভট্টাচাৰ্য, সমৰেন্দ্ৰ শৰ্মা, এছ লাল সিঙক উপদেষ্টা হিচাপে লৈ গঠিত সমিতিখনত ধনীৰাম কলিতাক সভাপতি, বিজু বড়ো আৰু পিতাম্বৰ নেৱাৰক উপ সভাপতি, ৰেৱ কুমাৰ বৰাক সম্পাদক, গুণমণি শৰ্মাক যুটীয়া সম্পাদক, দিব্যজ্যোতি দাস ৰাভাক কোষাধ্যক্ষ হিচাপে মনোনীত কৰাৰ লগতে কাৰ্যবাহী সদস্যৰূপে মহেশ চৌধুৰী, আব্দুল চাজিদ, শুভময় ভট্টাচাৰ্য্য, মানস পৰাণ, সুৰজিৎ শৰ্মা, ৰূপজ্যোতি শৰ্মা, দশৰথ ডেকা, হাফিজ আহমেদ, ইন্দ্ৰজিৎ দাস আৰু আনোৱাৰ হুছেইনক মনোনীত কৰি ৩২ জনীয়া পূৰ্ণাংগ সমিতিখন গঠন কৰা হৈছে। সমিতিখনৰ সদস্য পদ গ্ৰহণ কৰিবলৈ ৰাজ্যৰ সকলো ফটো সাংবাদিকক আহ্বান জনাইছে সমিতিৰ বিষয়ববীয়া সকলে।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem