সোণাপুৰৰ তেতেলীয়াত আতিথ্য দক্ষতা বিকাশ উৎকৰ্ষতা কেন্দ্র শুভাৰম্ভ

0 78

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ তেতেলীয়াত আতিথ্য দক্ষতা বিকাশ উৎকৰ্ষতাৰ কেন্দ্ৰৰ শুভ উন্মোচন কৰে।এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সোণাপুৰৰ তেতেলীয়াত আতিথ্য দক্ষতা বিকাশ উৎকৰ্ষতাৰ যি কেন্দ্ৰ স্থাপন কৰা হৈছে ই হৈছে ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় আৰু অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগম,ইণ্ডিয়ান হোটেলছ আৰু টাটা ষ্ট্ৰাইভৰ এক যৌথ পদক্ষেপ।ইতিমধ্যে ইয়াত আৰম্ভ হোৱা পাঠ্যক্ৰমৰ ফলস্বৰূপে কেইবাগৰাকী যুৱক-যুৱতীয়ে ভাৰতৰ বিভিন্ন হোটেল উদ্যোগত সংস্থাপিত হোৱাৰ সুযোগ পাইছে বুলি মন্তব্য কৰি কয় যে এই নিয়োগৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ সুনাম বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।প্ৰতিষ্ঠানখনৰ ১৯০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৫০ গৰাকীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱাটো সঁচাকৈয়ে আনন্দময় বিষয় বুলি উল্লেখ কৰি তেওঁ ইয়াৰ বাবে এই প্ৰতিষ্ঠানটোৰ সৈতে জড়িত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে চফট স্কীলৰ এক বৃহৎ সংখ্যক মানৱ সম্পদ আছে। এই ক্ষেত্ৰত অসমৰ পৰা গুণগত মানৱ সম্পদ বিশ্বৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰিব পৰা যায় বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে ইংৰাজীৰ লগতে বিদেশী ভাষা আয়ত্ব কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

চিংগাপুৰ সৈতে ৰাজ্য চৰকাৰে সহযোগিতাৰে কাম কৰি থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ নাচিং বিদ্যালয় সমূহত স্কীল অৰ্থাৎ ইংৰাজী ভাষা কোৱাৰ দক্ষতা আৰু কম্পিউটাৰ জ্ঞান প্ৰদান কৰাৰ দিশত কাম কৰি থকা হৈছে।সেইবাবে এই কেন্দ্ৰটোৱে হোটেল উদ্যোগত সংস্থাপিত হ’ব পৰাকৈ শিক্ষা প্ৰদান কৰা লগতে ইংৰাজী ভাষা আহৰণৰ বাবে পদক্ষেপ ল’ব পাৰে।জাপানী ভাষা আয়ত্বৰ পদক্ষেপ ল’লে শিক্ষাৰ্থী সমাজ বাৰুকৈয়ে উপকৃত হ’ব পাৰিব বুলিও তেওঁ মন্তব্য কৰে। অহা দহ বছৰৰ কাৰণে ভৱিষ্য দৰ্শন লৈ কাম কৰিব লাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত বিদ্যাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে গুণগত মানো বৃদ্ধি পাব। যোৱা তিনি চাৰি মাহত নতুন হোটেল স্থাপন বাবে কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে ভৱিষ্যতে অসমত হোটেল উদ্যোগৰ সুযোগ বৃদ্ধি হ’ব। কেৱল অসমৰ ভিতৰতে সীমাবদ্ধ হৈ নাথাকি সমগ্ৰ দেশতে যাতে নতুন প্ৰজন্মই আতিথ্য খণ্ডত সংস্থাপিত হ’ব পাৰে তেনে দৃষ্টিভংগীৰে আগুৱাই যাব লাগিব বুলি কয়।এটা ভাল কেৰিয়াৰ গঢ়াৰ বাবে প্ৰয়াস চলাবলৈ মুখ্যমন্ত্ৰীয়ে বিদ্যাৰ্থী সকলক আহ্বান জনায়।

আজিৰ এই অনুষ্ঠানত পৰ্যটন আৰু উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা,কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অসম পৰ্যটন উদ্যোগ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা,পৰ্যটন বিভাগৰ প্ৰধান সচিব জে বি এক্কা , উদ্যমিতা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালনা সঞ্চালক কুমাৰ পদ্মপানি বৰা, টাটা ষ্ট্ৰাইভৰ এৰিয়া সঞ্চালক জয়ন্ত দাস,হস্পিটেলিত স্কীল ডেভেলপমেণ্ট চেণ্টাৰ অৱ এক্সিলেঞ্চৰ ফেকাল্টি মেম্বাৰ আৰু অন্যান্য গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে হিতেশ্বৰ শইকীয়া পেৰা মেডিকেল কলেজ চৌহদত হিতেশ্বৰ শইকীয়া ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চায়েন্স ভৱনৰ শুভ উদ্বোধন কৰে। উদ্ধোধনী সময়ত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.