অসমৰ ভিন-ভিন প্ৰান্তৰ শিল্পী-সাহিত্যিকৰ উপস্থিতিত ডিজেন কাকতিৰ গীতৰ ,গীতা দেৱীৰ কবিতা সংকলন উন্মোচন

0 219

আজি অসমৰ ভিন-ভিন প্ৰান্তৰ কবি,সাহিত্যিক,শিল্পীৰ উপস্থিতিত অন্যতম প্ৰকাশন অনুষ্ঠান পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাকক্ষত গুৱাহাটীৰ বিশিষ্ট শিল্পী ডিজেন কাকতিৰ গীতৰ সংকলন “শব্দ-কিৰণ” আৰু বঙাইগাঁওৰ লেখিকা গীতা দেৱীৰ কবিতা সংকলন “থোৰ মেলা পথাৰৰ গান উন্মোচন কৰা হয়।শংকৰদেৱ বিদ্যা নিকেতন, নাৰেংগীৰ ছাত্ৰ অৰ্ণৱ শইকীয়াৰ মংগলাচৰণেৰে শুভাৰম্ভ কৰা সভাখনি উদ্ধোধন কৰি আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ-পূৱ ভাৰতৰ অতিৰিক্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে কয়-সাম্প্ৰতিক সময়ত সাহিত্য-সংস্কৃতিৰ প্ৰেক্ষাপট বৰ জটিল। এই সময়ত সাহিত্য সৃষ্টিৰাজিত সাহিত্যিকসকলে সাৱধানতা অৱলম্বন কৰিবলগা হৈছে।পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা সভাত ডিজেন কাকতিৰ গীতৰ সংকলনখনি উন্মোচন কৰি প্ৰথিতযশা শিল্পী ড০ অনিমা চৌধুৰীয়ে কয়- “গীতিকাৰসকলে মানুহৰ হৃদয় পৰশা শব্দ ব্যৱহাৰ কৰিব লাগে । গীতৰ কথাত অশালীন শব্দ থাকিব নালাগে । গীতৰ ভাষাৰেও মানুহে সমাজ নিৰ্মাণত বৰঙণি যোগায় । সমাজৰ সৰ্বাংগীণ বিকাশ আৰু উন্নয়নত শিল্পী-সাহিত্যিকৰ দায়িত্ব অনেক গুণে বেছি । প্ৰকৃত সাহিত্যিক-শিল্পীয়ে নিজৰ ৰাজ্য-দেশৰ দুখৰ দিনত হাত সাৱটি বহি নাথাকে ।”

গীতা দেৱীৰ কবিতা সংকলনখনি উন্মোচন কৰি নগাঁওস্থিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত উপাচাৰ্য ড০ মৃণাল কুমাৰ বৰাই কয়- “কবিতাৰে সাজ নিৰ্মাণ কৰিব পৰা যায় । সাম্প্ৰতিক সময়ত বহু অসমীয়া ভাষাৰ উন্নত কবিৰ সৃষ্টি হৈছে । কবিতাক লৈ গৱেষণাও হৈছে । সমাজৰ কল্যাণৰ হকে লিখা কবিতাৰ দীৰ্ঘ স্থায়িত্ব আছে ।”

সভাৰ প্ৰধান অতিথি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিনয় শৰ্মাই কয়- “ভোক থাকিব লাগিব । তেতিয়াই সৰ্বাংগ সুন্দৰ, বিকাশমুখী সৃষ্টি হ’ব ।” বিমলা প্ৰসাদ ৰাভাৰ বাঁহী বাদন আৰু প্ৰতীমা দেৱীৰ আধুনিক গীত পৰিৱেশনৰে নান্দনিক কৰি তোলা সভাত বিশিষ্ট অতিথি হিচাপে গীতিকাৰ- সাহিত্যিক শচীন দাস আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, “সাহিত্য কোঁৱৰ” কমল কলিতাই অংশ লয় । সভাত “দৈনিক বাতৰি কাকত” ৰ মুখ্য সম্পাদক ভূৱনেশ্বৰ শৰ্মা, পদ্মশ্ৰী প্ৰাপক বিশিষ্ট সাহিত্যিক ড০ ৰোমান শৰ্মা, ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভাৰ সভাপতি ড০ হৰ কুমাৰ নাথ, কামৰূপ জিলা কাৰ্বি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দয়াৰাম কাথাৰ, পৰিয়াল আৰু স্বাস্থ্য বিভাগ, অসমৰ প্ৰাক্তন সঞ্চালক ডা: অতুল শৰ্মা, পক্ষীপ্ৰাণ মাণিক চন্দ্ৰ শৰ্মা, অসমীয়া বোলছৱিৰ ডাবিং ৰেকৰ্ডিং ইঞ্জিনিয়াৰ(জ্যোতি চিত্ৰবন) সতীশ চৌহান,আকাশবাণী,গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অৱনী ৰঞ্জন পাঠক, বোলছৱি প্ৰযোজক ড০ নিখিলেশ বৰুৱা, অসম চৰকাৰৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক নৃপেন কুমাৰ ভাগৱতী, ড০ প্ৰশান্ত মাধৱ গোস্বামী, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, বঙাইগাঁও সাহিত্য সভাৰ সভাপতি ড০ মুনীন্দ্ৰ নাথ ঠাকুৰীয়া, ড০ সুষমা মজুমদাৰ, লেখক নেকিব হুছেইনে সন্মানীয় আলহি হিচাপে অংশ লয়।গ্ৰন্থ উন্মোচনী সভাত দুকুৰি সাহিত্য-সংস্কৃতিপ্ৰেমীয়ে অংশ লয়।

Leave A Reply

Your email address will not be published.