যোগদান কাৰ্যসূচী অনুষ্ঠিত

0 91

হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটী মহানগৰ জিলা কাৰ্য্যলয়ত, জিলা সভাপতি তপন চন্দ্ৰ দাসৰ উপস্থিতিত যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিউ গুৱাহাটী বিধানসভা সমষ্টি আৰু দিছপুৰ সমষ্টিৰ অন্তৰ্গত বিষয়ববীয়া সকলৰ এখনি অতি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। সভাত সমাগত লোকসভা নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়।
জিলা সভাপতি তপন চন্দ্ৰ দাস উল্লেখ কৰি কয়, নিৰ্বাচন যিহেতু সমাগত সেই হেতুকে প্ৰতি গৰাকী কাৰ্য্যকৰ্তাক নিজ নিজ দায়িত্ব নিয়াৰিকৈ পালন কৰাৰ ক্ষেত্ৰত কিছু কথা অৱগত কৰায় লগতে তেওঁ কয় মোদী ডাঙৰীয়াৰ যি সপোন ভাৰতক বিশ্ব গুৰু আসনত অধিষ্ঠিত কৰা সেয়া কেৱল সম্ভৱপৰ যেতিয়া আমি প্ৰতিগৰাকী কাৰ্য্যকৰ্তাই সাংগঠনিক দিশত দলক আৰু অধিক মজবুত কৰি এক সৱল চৰকাৰ গঠন কৰাত সহায় সহযোগিতা আগবঢ়াব পাৰিম। সভাত উপস্থিত উপ-পৌৰপতি স্মৃতা ৰয় দাস ডাঙৰীয়ানীয়ে ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে প্ৰচাৰৰ ক্ষেত্ৰত সামাজিক মাধ্যম ৰ দায়িত্বৰ কথা অৱগত কৰাৰ লগতে নিৰ্বাচনী সভা সমূহৰ কাৰ্যক্ৰম সম্পুৰ্ণ ৰূপত প্ৰস্তুত কৰি ৰাইজৰ মাজত যোৱাৰ কথা ব্যক্ত কৰে।
এই সভাত ৰাজ্যিক সম্পাদিকা মেঘনা হাজৰিকা, ৰাজ্যিক সদস্য শশাংক জ্যোতি ডেকা আৰু পাৰিষদ সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.