বাক্সা নিৰ্বাচনী জিলাখনৰ দুটা অংশত সমাগত লোকসভা নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্যায়ত ৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অধীনত ৪৩ নং তামুলপুৰ (জনজাতি) আৰু ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে তৃতীয় পৰ্যায়ত ৪১ নং মানস আৰু ৪২ নং বাক্সা (জনজাতি) বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব। আজি বাক্সা জিলা আয়ুক্ত কাৰ্যালয়ত সাধাৰণ পৰ্যবেক্ষক ডঃ এম আৰ ৰবি, আই এ এছৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। সমাগত লোকসভা নিৰ্বাচন যাতে স্বচ্ছ, নিকা আৰু সুকলমে অনুষ্ঠিত হয়, তাৰ প্ৰতি সকলো বিষয়া-কৰ্মচাৰীকে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ আহ্বান জনায়। তেওঁ একাংশ চে’লো পৰিদৰ্শন কৰে।আজিৰ সভাত আৰক্ষী পৰ্যবেক্ষক পানাছা ৰেড্ডী, আই পি এছ; ব্যয় পৰ্যবেক্ষক দীপক আনন্দ, আই আৰ এছ (আই টি); বাক্সা জিলাৰ আয়ুক্ত কৃষ্ণা বৰুৱা, এ চি এছ; সহকাৰী ব্যয় পৰ্যবেক্ষক; বাক্সা জিলাৰ আৰক্ষী অধীক্ষক, তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক তথা চে’লসমূহৰ ন’ডেল বিষয়াসকল উপস্থিত থাকে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ