পলাশবাৰীৰ সমষ্টিৰ ঝাৰোবড়ীৰ ৰাজহুৱা দুৰ্গাপূজা সভাঘৰত সাহিত্য-সংস্কৃতি বিকাশ গোষ্ঠী, কামৰূপৰ উদ্যোগত ঝাৰোবড়ীৰ উদীয়মান যুৱক তথা কবি ফুলমণিৰ দ্বিতীয়খন কাব্যগ্ৰন্থ “ৰঙা ফাগুন, প্রেমিক বৰটোকোলা আৰু নষ্ট বৰষুণৰ গদ্য” আজি এক গাম্ভৰ্যপূৰ্ণ পৰিবেশত উন্মোচন কৰা হয়।অনুষ্ঠানৰ লগত সংগতি ৰাখি “অৰবিন্দৰ আলোকত কাব্যদৃষ্টিত এভুমুকি” শীর্ষক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়।সাহিত্য-সংস্কৃতি বিকাশ গোষ্ঠী, কামৰূপৰ সভাপতি ডা: শৰৎ চন্দ্ৰ ৰাভাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত ফুলমণিৰ কাব্যগ্ৰন্থখন “ৰঙা ফাগুন, প্রেমিক বৰটোকোলা আৰু নষ্ট বৰষুণৰ গদ্য” আনুষ্ঠানিকভাৱে উন্মোচন কৰে সাহিত্য অকাডেমী অনুবাদ বঁটা প্রাপক সদস্য, সাধাৰণ পৰিষদ আৰু কাৰ্যবাহী সমিতি, সাহিত্য অকাডেমী আহ্বায়ক তথা বিশিষ্ট শিক্ষাবিদ দিগন্ত বিশ্ব শৰ্মাই। উন্মোচন কৰি শৰ্মাই মানুহৰ কাব্যৰ স’তে আদিম সম্পৰ্ক আছে বুলি কয়৷ তেনেক্ষেত্ৰত পাঠকৰ প্ৰাণ স্পৰ্শ কৰিব পৰাকৈ কবিয়ে বাট উলিয়াই দিলেহে শক্তিলৈ ৰূপান্তৰিত হ’ব বুলি কয়। লগতে প্ৰতিভাৱান যুৱ কবি ফুলমণি দাসৰ কাব্যগ্ৰন্থ খনৰ প্ৰসংগত কয় যে- ফুলমণি দাসৰ কাব্যৰ উপজীৱ্যৰ মূল্য আছে আৰু ভৱিষ্যতে সৃষ্টিৰ সম্ভাৱনা উজ্জ্বল ৷ তদুপৰি ভাষাৰ সচেতন হোৱাৰ উপৰি আন্তৰিক চিন্তাৰ সাৱলীল প্ৰকাশ কৰাত তেওঁ সাৰ্থক হোৱা বুলিও কবি গৰাকীক প্ৰশংসা কৰে ৷ আনহাতে, শিক্ষাবিদ শৰ্মাই নিজৰ বক্তব্যত মহৰ্ষি শ্ৰীঅৰবিন্দৰ অমূল্য সৃষ্টি দৰ্শনৰ উদ্ধৃতি দি কয় যে – কাব্য প্ৰবাহৰ সেই শক্তিয়ে প্ৰকৃত জীৱনবোধৰ সঠিক মূল্যায়ন কৰে বুলি উল্লেখ কৰাৰ উপৰিও বহুতো তাত্ত্বিক আৰু মহত্ত্বপূৰ্ণ বক্তব্য আগবঢ়াই শৰ্মাই। সভাৰ আৰম্ভণিতে কবি ফুলমণি দাসে আদৰণি ভাষণ পাঠ কৰা সভাত সমবেত সংগীত পৰিবেশন কৰাৰ লগতে কেইবাগৰাকীও শিল্পীয়ে গীত পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সভাত কাব্য বঁটা প্ৰাপক কবি, নাট্যকাৰ-সমালোচক, গীতিকাৰ ৰণজিৎ চৌধুৰী উপস্থিত থাকি উদীয়মান কবি ফুলমণি দাসৰ সাহিত্য চৰ্চাই তথা কাব্যগ্ৰন্থখনৰ পাতে পাতে সিচঁৰিত হৈ আছে কবিৰ মনৰ অন্তৰ্নিহিত অনুভূতিৰ সাৱলীল প্ৰকাশ কৰে বুলি কয়। লগতে কবিতা এটিৰ সোৱাদ লবলৈ হলে জিভাৰে নহয় তাক অধ্যায়ণ কৰি বুজি সোৱাদ লব লাগিব। বাস্তৱধৰ্মী চিন্তাধাৰাৰ মাজতেই মাটিৰ পৃথিৱী এৰি কল্পলোকলৈ উৰি যোৱা বিক্ষিপ্ত চিন্তাধাৰাৰ পৰিচয় জ্ঞাপক যদিও সম্ভৱণাপূৰ্ণ কবিগৰাকীয়ে কবিতাৰ ক্ষেত্ৰত নিজৰ বাট উলিয়াবলৈ সম্ভৱণা অব্যাহত ৰাখিছে বুলি কৈ ফুলমণি কাব্যগ্ৰন্থখনৰ কেইবাটাও কবিতাৰ কথা ভাষণ প্ৰসঙ্গত উল্লেখ কৰি প্ৰসংশা কৰে। সভাত পলাশবাৰী সাহিত্য সভাৰ সভাপতি গজেন চন্দ্ৰ দাস উপস্থিত থাকি ফুলমণিৰ কাব্যগ্ৰন্থখনৰ বিষয়ে বিভিন্ন দিশ ভাষণ প্ৰসংগত উল্লেখ কৰে। শতাধিক লোক উপস্থিত থকা সভাখনত প্ৰফুল্ল চৌধুৰী, ৰূপেন্দ্ৰ কুমাৰ কলিতাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ