অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক আনন্দৰ বতৰা লগতে পলাশবাৰী সমষ্টিবাসীৰ সু-খবৰ। পলাশবাৰী সমষ্টিৰ মাৰভিঠাত অতি সোনকালে স্থাপন কৰা হ’ব দেশৰ উচ্চ শিক্ষাৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট’। এই উপলক্ষে আজি বাটৰহাটস্থিত দক্ষিণ কামৰূপ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ফটকা ফুটাই নৰেন্দ্ৰ মোডী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ দি আনন্দ উল্লাস কৰে। এই সন্দৰ্ভত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই অসম তথা সমগ্ৰ উত্তৰ-পূৱ বাসীৰ লগতে আমাৰ পলাশবাৰী সমষ্টিবাসীৰ বাবে এটি সু-খবৰ তথা ঐতিহাসিক প্ৰাপ্তি বুলি কয়। লগতে আমাৰ পলাশবাৰী সমষ্টিবাসীয়ে লাভ কৰিলে এক বৃহৎ উপহাৰ । অচিৰেই পলাশবাৰী সমষ্টিৰ মাৰাভিঠাত স্থাপন কৰা হ’ব দেশৰ উচ্চ শিক্ষাৰ অন্যতম বৃহৎ ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট’ প্রতিষ্ঠান। প্ৰায় ৫০০ বিঘা ভূমিত নিৰ্মাণ হ’বলগীয়া প্ৰতিষ্ঠানখনে নি:সন্দেহে আমাৰ অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এই অমূল্য উপহাৰৰ বাবে সমগ্ৰ পলাশবাৰী সমষ্টিবাসীৰ হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ঠাকুৰীয়াই। আনহাতে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলি কলিতা মেধীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ পলাশবাৰীত আই.আই.এম প্ৰতিষ্ঠান স্থাপন কৰিবলৈ ওলোৱাত দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে একজিট পলৰ সমীক্ষাক আদৰণি জনোৱাৰ লগতে নিৰ্বাচনত জয়ী হব বুলি আশা প্ৰকাশ কৰে। লগতে দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীয়ে পলাশবাৰী সমষ্টিৰ উন্নয়ণৰ বাবে বিধায়ক হেমাংগ ঠাকুৰীয়াই যিদৰে কাম কৰি আহিছে তাৰ বাবে বিধায়ক ধন্যবাদ জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে পলাশবাৰী সমষ্টিৰ মাৰভিঠাত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট’ প্ৰতিষ্ঠান স্থাপন হবলগীয়া ভূমি দৰা পৰিদৰ্শন কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য