পবাক বন্যপ্ৰাণী অভয়াৰণ্যৰূপে গঢ়ি তোলা হ’ব – বিধানসভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

0 94

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই পবাক এক বন্যপ্রাণী অভয়াৰণ্য হিচাপে গঢ় দিব বিচাৰিছে আৰু শীঘ্রেই ইয়াৰ বাবে অধিসূচনা জাৰী কৰা হ’ব।আজি পৰিবেশ আৰু বনমন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম বিধান সভাত এই কথা প্ৰকাশ কৰে। বিধানসভাত বিধায়ক ভুবন পেগুৱে উত্থাপন কৰা শূন্যকালীন ঘণ্টাৰ এক জাননী সন্দৰ্ভত উত্তৰ দি পৰিবেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অঞ্চলটোৰ প্ৰাকৃতিক সম্পদৰাজিৰ লগতে জৈৱ-বৈচিত্ৰৰ সংৰক্ষণ আৰু বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে গঢ়ি তুলিব বিচাৰিছে।
তেওঁ লগতে কয় যে পবা সংৰক্ষিত বনাঞ্চল, কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু নদী অঞ্চল সামৰি ২৫৭.২৯ বৰ্গ কিলোমিটাৰৰ পবা বন্যপ্ৰাণী অভয়াৰণ্য গঢ়ি তোলা হ’ব।

উল্লেখ্য যে, পবা সংৰক্ষিত বনাঞ্চল অসমৰ উত্তৰ পূৱ প্ৰান্তত অৱস্থিত বন্য জীৱ-জন্তুৰে সমৃদ্ধ এক জৈব বৈচিত্র্যপূর্ণ বর্ষা-অৰণ্য। ডি এৰিং বন্যপ্রাণী অভয়াৰণ্য-কবু চাপৰি প্ৰস্তাবিত সংৰক্ষিত বনাঞ্চল আৰু ডিক্র-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সংযোগ হৈ থকাৰ বাবে জীৱ-জন্তু, বিশেষকৈ হাতীৰ প্ৰবজনৰ পথ হিচাপে ই অতি গুৰুত্বপূর্ণ। ৰাজ্যখনৰ পানপুৰ-কাজিৰঙাৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰৰ পৰা দক্ষিণ পাৰলৈ হাতীৰ এইটো দ্বিতীয় প্রবজন পথ। হাতীয়ে ডি এৰিং অভয়াৰণ্যৰ পৰা কবু চাপৰিলৈ আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰবজন কৰে। প্রায় ৭০-৮০ টা হাতীৰ জাক বিভিন্ন সময়ত নদী পাৰ হৈ উত্তৰৰ পৰা দক্ষিণলৈ প্ৰবজন কৰে । কিন্তু মতা হাতী বিলাকে প্রায় গোটেই বছৰজুৰি এই পথ ব্যৱহাৰ কৰে। বিভিন্ন প্রজাতিৰ বান্দৰ পবা সংৰক্ষিত বনাঞ্চলত পোৱা যায় আৰু ইয়াৰে ভিতৰত প্ৰধান প্রজাতি হৈছে লাজুকী বান্দৰ আৰু টুপীমূৰীয়া বান্দৰ। প্ৰধানকৈ পোৱা স্তন্যপায়ী প্ৰজাতিৰ ভিতৰত বনৰীয়া গাহৰি অন্যতম। বনাঞ্চলখনত প্রায় ৪৫ বিধ প্ৰজাতিৰ চৰাই আৰু সৰীসৃপ পোৱা যায়। ইয়াৰ ছিয়াং আৰু লোহিত নদীৰ সংগম স্থলত বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায়। অৰ্কিডৰ বাবেও এই বনাঞ্চলৰ বিশেষ সুনাম আছে।

Leave A Reply

Your email address will not be published.