ভাৰতৰত্ন, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰয়াণ দিনৰ লগত সংগতি ৰাখি কালি কামৰূপ জিলাৰ কমলপুৰৰ দ্বিগুণপাৰাৰ পখিয়াচুবা যুৱ সমাজৰ উদ্যোগত আৰু শ্ৰীশ্ৰীকৃষ্ণ নামঘৰ(মন্দিৰ)ৰ সহযোগত এখনি মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন হয়। কাৰ্যসূচী অনুসৰি পুৱা ৮.৩০বজাত স্বচ্ছ অভিযান মুকলি কৰে প্ৰাক্তন সেনা ত্ৰৈলোক্য কাকতিয়ে। ইয়াৰ পিচত যুৱ সমাজৰ পতাকা উত্তোলন কৰে সভাপতি অমূল্য কাকতি আৰু শ্ৰীশ্ৰীকৃষ্ণ নামঘৰ(মন্দিৰ)ৰ সভাপতি কপিল কাকতিয়ে।স্মৃতি-তৰ্পণ কৰে পুঠিমাৰী মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক জগদীশ কুমাৰ ভৰালীয়ে।দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰে এমট্ৰনৰ উপ-প্ৰবন্ধক তথা সাংস্কৃতিক সংবাদপত্ৰ “দাপোন” মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থই।সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কামৰূপ জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তাৰিণী চৰণ কলিতাই । প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত অংশ লৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা সাংবাদিক দীপক শৰ্মাই কয়- “একাংশ মানুহৰ মন-মগজুবোৰ বৰ্তমান ঠুনকা হৈ পৰিছে। আধ্যাত্মিক অনুষ্ঠানবোৰে সকলোৰে অন্তৰত সদ্ভাৱ জাগ্ৰত কৰে।পখিয়াচুবাৰ যুৱ সমাজৰ নতুন প্ৰজন্মৰ প্ৰতি কৰা চিন্তাই এদিন সকলোৰে বাবে পাথেয় হৈ ৰ’ব।” সভাত ভাষণ দি বিশিষ্ট শিল্পী তথা দিহানামৰ প্ৰশিক্ষক বাণী পাঠকে কয়- আমি শুদ্ধ ৰূপত যিকোনো বিষয় পৰিবেশন কৰিব লাগে। বঁটা পোৱা-নোপোৱাটো ডাঙৰ কথা নহয়। অৱসৰী শিক্ষক, সাংবাদিক প্ৰদীপ কুমাৰ ভৰালীয়ে আঁত ধৰা সভাত উপস্থিত থাকি বঁটা প্ৰদান কৰে কটন মহাবিদ্যালয়ৰ অৱসৰী কৰ্মচাৰী অমৃত দাস,বিশিষ্ট সমাজকৰ্মী লক্ষ্মীকান্ত দাস, কমলপুৰ জ্যোতি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক গণিৰুদ্দিন আহমেদ, যুৱ সমাজকৰ্মী অতুল ব্ৰহ্ম কাকতি। দিহানাম প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰে ৰাধাকৃষ্ণ দিহানাম দল, দ্বিতীয় সনাতনী দিহানাম আৰু তৃতীয় স্থান লাভ কৰে ত্ৰিনয়ন দিহানাম দলে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে নমামী দিহানাম দলে। দিনজোৰাকৈ অনুষ্ঠিত কাৰ্যসূচীসমূহ সুকলমে সম্পন্ন কৰাত ৰাইজৰ সহাঁৰিত আনন্দ প্ৰকাশ কৰে যুৱ সমাজৰ সভাপতি অমূল্য কাকতি, কাৰ্যকৰী সভাপতি ডিম্বেশ্বৰ কাকতি আৰু সম্পাদক দিপেন ভৰালীয়ে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ