গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম – মেঘালয় সীমান্তৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ ৰাণী অঞ্চলত পকা শালি ধান কটা কাৰ্য আৰম্ভ হোৱাৰ সময়তে অব্যাহত আছে বনৰীয়া হাতীৰ বিচৰণ।বিগত কেইটামান দিনত কাষৰীয়া পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে এফালৰ পৰা খাই,গছকি তহিলং কৰিছে ধাননি পথাৰ।বৃহত্তৰ ৰাণী অঞ্চলৰ পুৰাণ শুকুৰবেৰীয়া,বেলগুৰী,নালাপাৰা,বিক্ৰমপুৰ,পুখুৰীপাৰ খপেগাও ,চেচা, জয়পুৰ নিৰলপুৰ , পাটগাঁও, মৈৰাপুৰ আদি ঠাইত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ । যোৱা অক্টোবৰ মাহত ধানৰ থোক তথা গেৰ ওলোৱাৰ আগৰে পৰা কৃষকসকলে হাতে হাতে জুই লৈ আৰু পথাৰত টঙীঘৰ সাজি হাতী খেদা কাৰ্যত জড়িত হৈ কপালৰ ঘাম মাটিত পেলাই কৰা শালি ধান ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু হাতীৰ উপদ্ৰৱ ৰোধ কৰাত সফল হোৱা নাই ৰাইজৰ। অৱশ্যে ইয়াৰ মাজতে কৃষক সকলক হাতী খেদা কাৰ্যত কিছু সকাহ দিবলৈ অবশেষত আগবাঢ়ি আহিছে এছিয়ান এলিফেণ্ট ফৰাম নামৰ ৰাজ্যৰ এটা অগ্ৰণী অনা চৰকাৰী সংগঠন ( এন জি অ) । এন জি অ’টোৱে বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ সহযোগত আজি মেঘালয় সীমান্তৰ ৰাণী নালাপাৰা খণ্ড বন বিষয়া কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত ১৪ খন গাঁওৰ পথাৰত থকা ১৫ টা টঙী ঘৰত পহৰা দি অহা কৃষক সকলৰ মাজত নিশাৰ ভাগত হাতী খেদা কাৰ্যত সহায়ক হোৱাকৈ ৫৫ টা উচ্চক্ষমতা সম্পন্ন টৰ্ছলাইটৰ উপৰিও ফটকা আৰু কেৰাচিন তেল বিতৰণ কৰা হয়। এই উপলক্ষে এছিয়ান এলিফেণ্ট ফৰামৰ অধ্যক্ষ তথা হস্তী বিশেষজ্ঞ কৌশিক বৰুৱাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত পূব কামৰূপৰ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী অশোক কুমাৰ দেৱচৌধুৰী , ৰাণীৰ আঞ্চলিক বন বিষয়া ৰ’জী বৰ্মন , শুকুৰবৰীয়া খণ্ড বন কাৰ্যালয়ৰ খণ্ড বিষয়া দুলু মহন্ত ,পৰিৱেশকৰ্মী প্ৰমোদ কলিতা , ৰাণী মৈৰাপুৰ আঞ্চলিক হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দীনেশ চন্দ্ৰ নাথ, উদীয়মান জোন ৰাভাকে ধৰি কেবাজনো কৃষক, কৃষক সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। আনহাতে অনুষ্ঠানত বন সংমণ্ডল প্ৰাধিকাৰী অশোক কুমাৰ দেৱচৌধুৰীয়ে উপস্থিত কৃষক সকলক হাতী ওলালে লগে লগে নিকটবৰ্তী খণ্ড বন বিষয়া কাৰ্যালয় বা টহলদাৰী বনকৰ্মীক অৱগত কৰিবলৈ আহ্বান জনায়। তেনেদৰে কৌশিক বৰুৱাই ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বনৰীয়া হাতী অহা- যোৱা কৰা পথ সমূহত বন বিভাগৰ সহযোগত শীঘ্ৰেই চাইনবৰ্ড লগোৱাৰ কাম আৰম্ভ কৰা হব বুলি সদৰি কৰে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ