গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম – মেঘালয় সীমান্তৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ ৰাণী অঞ্চলত পকা শালি ধান কটা কাৰ্য আৰম্ভ হোৱাৰ সময়তে অব্যাহত আছে বনৰীয়া হাতীৰ বিচৰণ।বিগত কেইটামান দিনত কাষৰীয়া পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে এফালৰ পৰা খাই,গছকি তহিলং কৰিছে ধাননি পথাৰ।বৃহত্তৰ ৰাণী অঞ্চলৰ পুৰাণ শুকুৰবেৰীয়া,বেলগুৰী,নালাপাৰা,বিক্ৰমপুৰ,পুখুৰীপাৰ খপেগাও ,চেচা, জয়পুৰ নিৰলপুৰ , পাটগাঁও, মৈৰাপুৰ আদি ঠাইত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ । যোৱা অক্টোবৰ মাহত ধানৰ থোক তথা গেৰ ওলোৱাৰ আগৰে পৰা কৃষকসকলে হাতে হাতে জুই লৈ আৰু পথাৰত টঙীঘৰ সাজি হাতী খেদা কাৰ্যত জড়িত হৈ কপালৰ ঘাম মাটিত পেলাই কৰা শালি ধান ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু হাতীৰ উপদ্ৰৱ ৰোধ কৰাত সফল হোৱা নাই ৰাইজৰ। অৱশ্যে ইয়াৰ মাজতে কৃষক সকলক হাতী খেদা কাৰ্যত কিছু সকাহ দিবলৈ অবশেষত আগবাঢ়ি আহিছে এছিয়ান এলিফেণ্ট ফৰাম নামৰ ৰাজ্যৰ এটা অগ্ৰণী অনা চৰকাৰী সংগঠন ( এন জি অ) । এন জি অ’টোৱে বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ সহযোগত আজি মেঘালয় সীমান্তৰ ৰাণী নালাপাৰা খণ্ড বন বিষয়া কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত ১৪ খন গাঁওৰ পথাৰত থকা ১৫ টা টঙী ঘৰত পহৰা দি অহা কৃষক সকলৰ মাজত নিশাৰ ভাগত হাতী খেদা কাৰ্যত সহায়ক হোৱাকৈ ৫৫ টা উচ্চক্ষমতা সম্পন্ন টৰ্ছলাইটৰ উপৰিও ফটকা আৰু কেৰাচিন তেল বিতৰণ কৰা হয়। এই উপলক্ষে এছিয়ান এলিফেণ্ট ফৰামৰ অধ্যক্ষ তথা হস্তী বিশেষজ্ঞ কৌশিক বৰুৱাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত পূব কামৰূপৰ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী অশোক কুমাৰ দেৱচৌধুৰী , ৰাণীৰ আঞ্চলিক বন বিষয়া ৰ’জী বৰ্মন , শুকুৰবৰীয়া খণ্ড বন কাৰ্যালয়ৰ খণ্ড বিষয়া দুলু মহন্ত ,পৰিৱেশকৰ্মী প্ৰমোদ কলিতা , ৰাণী মৈৰাপুৰ আঞ্চলিক হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দীনেশ চন্দ্ৰ নাথ, উদীয়মান জোন ৰাভাকে ধৰি কেবাজনো কৃষক, কৃষক সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। আনহাতে অনুষ্ঠানত বন সংমণ্ডল প্ৰাধিকাৰী অশোক কুমাৰ দেৱচৌধুৰীয়ে উপস্থিত কৃষক সকলক হাতী ওলালে লগে লগে নিকটবৰ্তী খণ্ড বন বিষয়া কাৰ্যালয় বা টহলদাৰী বনকৰ্মীক অৱগত কৰিবলৈ আহ্বান জনায়। তেনেদৰে কৌশিক বৰুৱাই ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বনৰীয়া হাতী অহা- যোৱা কৰা পথ সমূহত বন বিভাগৰ সহযোগত শীঘ্ৰেই চাইনবৰ্ড লগোৱাৰ কাম আৰম্ভ কৰা হব বুলি সদৰি কৰে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন